সানেকুছি গাওঁ পঞ্চায়ত কাৰ্যালয়ত জনসাধাৰণৰ দুৰ্ভোগ:কৰ্মচাৰীৰ ইচ্ছামতে চলে কাৰ্যালয়

বাহাৰঘাটৰ পৰা নৰেন শৰ্মা:

পৰিৱৰ্তনৰ শ্লোগান দি ৰাইজক আঁঁভুৱা ভাৰি শাসনৰ গাদীত বহা বিজেপি চৰকাৰেও কংগ্ৰেছৰ পদাংককে অনুসৰণ কৰাৰ অভিযোগ উত্থাপন কৰিছে সানেকুছি গাঁও পঞ্চায়তৰ অন্তৰ্গত একাংশ নাগৰিকে।চৰকাৰী কাৰ্যালয়ত কৰ্মচাৰী ১০ বজাত উপস্থিত থকাটো বাধ্যতামূলক বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা অসাৰ প্ৰতিপন্ন হৈছে সানেকুছি গাঁও পঞ্চায়ত কাৰ্যালয়ত।নলবাৰী জিলাৰ বৰভাগ উন্নয়ন খণ্ডৰ অন্তৰ্গত ৫৩ (৭) নং সানেকুছি গাওঁ পঞ্চায়ত কাৰ্যালয়ত মঙলবাৰে ১১ বজা পৰ্যন্ত এজনো চৰকাৰী কৰ্মচাৰীৰ উপস্থিতি পৰিলক্ষিত নহ'ল।স্থানীয় ৰাইজৰ অভিযোগ মতে মাহত মাত্ৰ ৩ দিন কাৰ্যালয়লৈ আহে সচিব দীনেশ বৰ্মন। ৰাইজে যোগাযোগ কৰিলে বৰভাগ উন্নয়ন খণ্ড বা নলবাৰীত বিভাগীয় কাৰ্যালয়ত পঞ্চায়তৰ কামত থকা বুলি জনায়। ফলত এতিয়া দুৰ্ভোগ ভূগিছে স্থানীয়  ৰাইজে । মঙলবাৰে গাঁও পঞ্চায়ত কাৰ্যালয়টোত সাংবাদিক উপস্থিত হোৱাত ততাতৈয়াকৈ কেইগৰাকীমান কৰ্মচাৰী উপস্থিত হয়।ৰাইজৰ অভিযোগ এটা কামৰ বাবে কেইবাদিনো তাঁতবাটি কাঢ়িব লাগে তেওঁলোকে । সেয়ে এতিয়া এইগৰাকী সচিব দিনেশ বৰ্মনৰ বিৰুদ্ধে বিহিত ব্যবস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে স্থানীয় সচেতন ব্যক্তিসকলে।

Your Comments