পাণ্ডুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ বিশেষ অভিনন্দন অনুষ্ঠান সম্পন্ন

পাণ্ডুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ বিশেষ অভিনন্দন অনুষ্ঠান সম্পন্ন

কামৰূপ জিলাৰ মধ্য পাণ্ডুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ বিশেষ অভিনন্দন অনুষ্ঠানখনি মধ্য পাণ্ডুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি অনুষ্ঠিত হয় । 

মধ্য পাণ্ডুৰি অঞ্চলৰ বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা সদ্যঘোষিত হাইস্কুল, হাইমাদ্ৰাছা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কৃতিত্ব অৰ্জন কৰা ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জ্ঞাপন কৰা হয় ।

পাণ্ডুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ বিশেষ অভিনন্দন অনুষ্ঠান সম্পন্ন

পুৱা মধ্য পাণ্ডুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ডিম্বেশ্বৰ শৰ্মাই সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ আৰম্ভণি কৰে ৷ মধ্য পাণ্ডুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জিণ্টুমণি কলিতাই ছহিদ তৰ্পণ কৰে । 

ডিম্বেশ্বৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত বিশেষ অভিনন্দন অনুষ্ঠান উদ্বোধন কৰে সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হেমন্ত দাসে ।

তেখেতৰ ভাষণত কয় যে বৰ্তমান ব্যৱসায়িক শিক্ষা ব্যৱস্থাই শিক্ষাৰ মানদণ্ড নিম্ন কৰিছে । শিক্ষাৰ মানদণ্ড উন্নত হ'লেহে ছাত্ৰ-ছাত্ৰীসকল উপকৃত হ'ব পাৰিব ।

পাণ্ডুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ বিশেষ অভিনন্দন অনুষ্ঠান সম্পন্ন

বৰ্তমান সময়ত ছাত্ৰ-ছাত্ৰীসকলক ভাল শিক্ষা, ভাল শিক্ষানুষ্ঠান, উপযুক্ত কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰি দিব লাগিব । মানৱ সম্পদ গঢ়া শিক্ষকসকলে কিছু ক্ষেত্ৰত প্ৰাপ্যৰ বাবে আন্দোলনৰ পথ ল'বলৈ বাধ্য হৈছে ৷

এই ক্ষেত্ৰত চৰকাৰে তেওঁলোকৰ সমস্যা সমাধান কৰিব লাগিব । সদৌ অসম ছাত্ৰ সন্থাই দৰিদ্ৰ ঘৰৰ ছাত্ৰ-ছাত্ৰীক বুক-বেংকৰ জৰিয়তে শৈক্ষিক ক্ষেত্ৰত সহায় কৰি আছে বুলি সভাত উল্লেখ কৰে ৷

লগতে ছাত্ৰ-ছাত্ৰীসকলক অধ্যয়নৰ লগতে সামাজিকভাৱে দায়বদ্ধ হ'বলৈ আহ্বান জনায় । অনুষ্ঠানটোত উপস্থিত থাকি সদৌ অসম ছাত্ৰ সন্থাৰ তথ্য আৰু কাৰ্যালয় সম্পাদক ধৰ্মেশ্বৰ দাসে কয় যে ছাত্ৰ-ছাত্ৰীসকলে ডাক্তৰ, ইঞ্জিনীয়াৰ হোৱাৰ আগেয়ে প্ৰথমে মানুহ হ'ব লাগিব। তাৰপিছতহে ডাক্তৰ-ইঞ্জিনীয়াৰ ।

পাণ্ডুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ বিশেষ অভিনন্দন অনুষ্ঠান সম্পন্ন

আমাৰ শিক্ষা ব্যৱস্থাই এচাম মানৱ  সম্পদক সমাজৰ পৰা একাষৰীয়া কৰি গৈ আছে বুলি মন্তব্য কৰি কয় যে যিকোনো কাম কৰাৰ আগতে আত্মবিশ্বাস থাকিব লাগিব ৷ তেতিয়াহে জীৱনত সফলতা আনিব পাৰিব ।

ছাত্ৰ-ছাত্ৰীসকলক শিক্ষাৰ লগতে সমাজখনৰ প্ৰতিও দায়বদ্ধ হ'বলৈ তেওঁ আহ্বান জনায় । অভিনন্দন অনুষ্ঠানত সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ সভাপতি দিবাকৰ কলিতাই কয় যে মোবাইলে ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ক্ষেত্ৰত যথেষ্ট প্ৰভাৱ পেলাইছে ।

বহু ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা গ্ৰহণতকৈ মোবাইলত বেছি গুৰুত্ব দিয়াৰ ফলত শিক্ষা গ্ৰহণত প্ৰভাৱ পৰিছে । লগতে কয় যে ছাত্ৰ-ছাত্ৰীসকলে 'মই পাৰিম' এই আত্মবিশ্বাস লৈ আগবাঢ়িলে সফলতা আহিবই ।

ছাত্ৰ-ছাত্ৰীসকলে ঋণাত্মক মনোভাৱেৰে কোনো কথা চিন্তা কৰিব নালাগে বুলিও তেওঁ কয় । সততাৰে ছাত্ৰ-ছাত্ৰীসকলক কৰ্মক্ষেত্ৰত দায়িত্ব আৰু কৰ্তব্য পালন কৰিবলৈ আহ্বান জনায় ।

পাণ্ডুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ বিশেষ অভিনন্দন অনুষ্ঠান সম্পন্ন

অনুষ্ঠানটোত উপস্থিত থাকি ৰঙিয়া উচ্চতৰ মাধ্যামিক বিদ্যালয়ৰ সতীশ কাকতিয়ে ছাত্ৰ-ছাত্ৰীসকলৰ উদ্দেশ্যে শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰে । ছাত্ৰ-ছাত্ৰীসকলক হিমা দাসৰ আৰ্দশেৰে আগবাঢ়ি যোৱাৰ বাবে আহ্বান জনায় ।

অনুষ্ঠানটোত সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা ধীৰাজ ৰাজবংশী, মহকুমা ছাত্ৰ সন্থাৰ সভাপতি হেমেন দাস, শিক্ষা সম্পাদক তৌফিকুৰ ৰহমানসহ জিলা, মহকুমাৰ নেতৃত্ব উপস্থিত থাকে ।

অনুষ্ঠানত কৃতী ছাত্ৰ-ছাত্ৰীসকলক গামোচা আৰু অভিনন্দন-পত্ৰৰে সম্বৰ্ধনা জনোৱা হয় ।
 

Your Comments