বঙাইগাঁও :
স্বচ্ছ আৰু প্ৰদূষণমূক্ত দেশ গঢ়াৰ লক্ষ্যৰে ভাৰত চৰকাৰে কেতবোৰ পদক্ষেপ গ্ৰহণ কৰিছে । সেই পদক্ষেপৰ অংশ স্বৰূপে দেশত বিভিষিকাময় পৰিবেশৰ সৃষ্টি কৰা প্লাষ্টিক আৱৰ্জনা ৰোধ কৰাৰ বাবে স্বচ্ছ আৰু প্ৰদূষণমূক্ত অভিযানৰ অংশ হিচাপে প্লাষ্টিক বৰ্জন কাৰ্য্যসূচী গ্ৰহণ কৰিবলৈ সকলোকে আহবান জনাইছে । সেই মৰ্মে অসম চৰকাৰৰ নিৰ্দেশ অনুসৰি বঙাইগাঁও জিলাৰ উপায়ুক্ত আদিল খানে বিষয়টো গুৰুত্বসহকাৰে লৈ জিলাখনত প্লাষ্টিক প্লেট, কাপ ,খাদ্য সামগ্ৰী মেৰোৱা প্লাষ্টিক, পলিথিন বেগ আদিকে ধৰি সকলো ধৰণৰ একক ব্যৱহাৰযোগ্য প্লাষ্টিকৰ ক্ৰয় বিক্ৰয় বা ব্যবহাৰ সম্পূৰ্ণৰূপে মূক্ত কৰাৰ লক্ষ্যৰে এক অক্টোৱৰৰ পৰা 'প্লাষ্টিকৰ বিনিময়ত গছপুলি 'বিতৰণৰ এক ধাৰাবাহিক প্ৰচাৰ অভিযান চলাই আহিছে । সেই অভিযানৰ লগত সংগতি ৰাখি বুধবাৰে বঙাইগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আৰু বঙাইগাঁও পৌৰ সভাৰ সহযোগত জিলা সদৰ এলেকাৰ ব্যৱসায়ী, স্কুল- কলেজৰ ছাত্র-ছাত্রী , শিক্ষক- শিক্ষয়িত্রী , চৰকাৰী -বেচৰকাৰী কাৰ্যালয়ৰ বিষয়া -কৰ্মচাৰী সকলৰ মাজত সদা সচেতনতা গঢ়ি তোলা আৰু সকলোকে উৎসাহিত কৰাৰ লক্ষ্যৰে দ্বিতীয় পৰ্যায়ৰ অভিযান চলোৱা হয় ।
উক্ত অভিযানৰ অধীনত বঙাইগাঁও সদৰৰ পাগলাস্থানক মুখ্য স্থান হিচাপেলৈ তাৰে ওচৰ পাজৰৰ দোকান -পোহাৰ তথা ব্যবসায়ী সকলক প্লাষ্টিক বৰ্জনৰ বাবে আহ্বান জনোৱাৰ লগতে ঠাইতে একাংশ লোকক প্লাষ্টিকৰ বিনিময়ত একোডালকৈ মূল্যবান গছপুলি স্বগৃহত ৰোপণৰ বাবে বিনামূল্যে প্ৰদান কৰা হয় । ইয়াৰ পিছত নৰ্থ বঙাইগাঁও হাইস্কুলত বিদ্যালয়খনৰ শিক্ষক -শিক্ষয়িত্রী , ছাত্র-ছাত্রী সকলক একত্রিত কৰি প্লাষ্টিকৰ অপকাৰিতা আৰু প্লাষ্টিকৰ বিনিময়ত গছ পুলি ৰোপনৰ জৰিয়তে স্বাস্থ্যকৰ তথা প্ৰদূষণমূক্ত পৰিবেশ গঢ়ি তোলাৰ বাবে সকলোকে সজাগ হোৱাৰ বাবে আহবান জনায় ।
এই অনুষ্ঠানত সহকাৰী আয়ুক্ত মাচুম ইউচুফ আহমেদে বিদ্যালয়খনৰ ছাত্র-ছাত্রী সকলক উদ্দেশ্যি কয় যে সকলোৰে ঘৰত মজুত থকা প্লাষ্টিক জাতীয় সামগ্ৰী সমূহ একত্রিত কৰি সেইবোৰ নিজ নিজ বিদ্যালয়ত আনি জমা দিলে বিনিময়ত একোডালকৈ গছপুলি বিনামূল্যে ৰোপণৰ বাবে দিয়া হ'ব , আৰু সেই গছসমূহ নিজৰ নিজৰ বাসস্হানত ৰোপন কৰি সদায় তাক যত্ন কৰি ডাঙৰ দীঘল কৰিবলৈ কয় । ইয়াৰ পিছত 'স্বচ্ছতায় সেৱা' কাৰ্যসূচীৰ প্ৰচাৰৰ লগত সংগতি ৰাখি বঙাইগাঁও পৌৰ সভাৰ অন্তৰ্গত একাংশ ৱাৰ্ডলৈ গৈ প্ৰচাৰ চলাই প্লাষ্টিকৰ বেগৰ ব্যৱহাৰ হ্ৰাস কৰাৰ লক্ষ্যৰে প্লাষ্টিক সংগ্ৰহ কৰি বিনিময়ত গছপুলি প্ৰদান কৰা হয় । আজিৰ এই কাৰ্যসূচীত বঙাইগাঁও পৌৰ সভাৰ উপ-সভাপতি উদয় দাসৰ লগতে কাৰ্যালয়টোৰ কৰ্মচাৰী সকলো উপস্থিত থাকে l
- Log in to post comments
- 9 views