শিৱসাগৰৰ শিৱদ'লত পূজা-অৰ্চনা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ

cm

শিৱসাগৰৰ পৰা কল্যাণ জ্যোতি বুঢ়াগোহাঁই :

শিৱসাগৰৰ ঐতিহাসিক শিৱদ'লত আজি সন্ধিয়া পূজা কৰিলে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে। সন্ধিয়া প্ৰায় ৫. ৩০ বজাত দৌল চৌহদত উপস্থিত হোৱাৰ লগে লগেই গায়েন-বায়েনে আদৰি অনা হয় মুখ্যমন্ত্ৰীৰ লগতে সাংসদ তপন কুমাৰ গগৈক। শিৱদ'লত পূজা কৰাৰ লগতে সন্ধিয়াৰ  আৰতিতো অংশ লয় মুখ্যমন্ত্ৰী গৰাকীয়ে। cm2

পূজাৰ অন্তত মুখ্যমন্ত্ৰীয়ে সাংবাদিকক কয়,  দেশৰ তথা ৰাজ্যৰ উন্নতিৰ বাবে, ৰাজ্যৰ জনতাৰ মাজত মিলাপ্ৰীতি, সমন্বয়, একতা যাতে অটুত থাকে আৰু লগতে ৰাজ্যখন উন্নয়ণ দিশে আগুৱাই যাব পাৰে তাৰ বাবে ভগৱান শিৱৰ আৰ্শীবাদ বিচৰা বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে। এই পবিত্ৰ স্থানত কোনো ৰাজনীতিৰ কথা নকও বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।

উল্লেখ্য যে আজি আবেলি শিৱসাগৰত উপস্থিত হোৱা মুখ্যমন্ত্ৰী গৰাকীয়ে নিশা শিৱসাগৰতে কটাই পুৱা সোণাৰিলৈ যাব নিৰ্বাচনী প্ৰচাৰৰ বাবে।

Your Comments