বৰপেটাৰোডৰ পৰা ৰঞ্জিত তালুকদাৰৰ প্রতিবেদন :
বৰপেটাৰােড পৌৰসভাই ৰাইজৰ ঘৰে ঘৰে গৈ জাৱৰ সংগ্ৰহ কৰা কাৰ্যসূচীৰ আজি শুভাৰম্ভ কৰে। এই সম্পৰ্কে পৌৰ এলেকাৰ অন্তৰ্গত আবাসী সকলৰ সহযোগিতা বিচাৰি নিম্ন উল্লেখিত গোহাঁৰি খনৰ জৰিয়তে পৌৰ সভাই আজি এক আহ্বান জনায়....
ৰাইজলৈ গােহাৰী
ইয়াৰ দ্বাৰা বৰপেটাৰােড পৌৰ এলেকাৰ সমূহ ৰাইজক জনােৱা হয় যে , চহৰখনত গােটা আৱৰ্জনা আৰু প্লাষ্টিক আৱৰ্জনা ব্যৱস্থাপনা বিধি ২০১৬ প্রযােজ্য হােৱাত “ নেচাৰ এছকোর্ট উইং ” নামৰ NGO ৰ সহযােগত চহৰখনত ঘৰে ঘৰে গৈ জাৱৰ সংগ্রহ অভিযানৰ শুভাৰম্ভ কৰা হৈছে । এই আঁচনিখন সফল ৰূপায়ন কৰাৰ ক্ষেত্ৰত তলত উল্লেখ কৰা মতে মাচুলৰ বিনিময়ত সেৱা গ্ৰহন কৰিবলৈ সমূহ ৰাইজকে বিনম্র আহ্বান জনালোঁ ।
লগতে বৰপেটাৰােড পৌৰ এলেকাত ৫০ মাইক্রনতকৈ পাতল প্লাষ্টিক / পলিথিন মােনা , থার্মকলৰ পাত , বাটি , গ্লাছ ইত্যাদি ব্যৱহাৰ কৰি পৰিৱেশ প্ৰদূষিত নকৰিবলৈ অনুৰােধ কৰা হ’ল । অন্যথায় পৌৰসভাই জৰিমনা বিহিবলৈ বাধ্য হব ।
----------------------------------------
ঘৰে ঘৰে জাৱৰ সংগ্ৰহৰ মাচুলৰ পৰিমাণ
============================
ক্রঃ নং / বিৱৰণ / দৰ ( টকা প্রতি দিন)
১/ বাসগৃহ== ২ টকা
২/ সৰু দোকান == ২ টকা
৩/ মজলীয়া দোকান == ৫ টকা
৪/ ডাঙৰ দোকান == ১০ টকা
৫/ ৰাস্তাৰ কাষৰ চাহ দোকান / পান দোকান / কুঁহিয়াৰৰ ৰস বেচা দোকান ইত্যাদি== ৫/ টকা
৬/ সৰু খাদ্য দোকান == ৫ টকা
৭/ মজলীয়া খাদ্য দোকান / ৰেষ্টুৰেন্ট =১০ টকা
৮/ ডাঙৰ খাদ্য দোকান / ৰেষ্টুৰেন্ট== ২৫ টকা
৯/ লজ / হােটেল== ৪০ টকা
১০/ দর্জী / ছেলুন / কমাৰ== ৫ টকা
১১/ মদৰ দোকান==২০ টকা
১২/ বিবাহ ভৱন / কমিউনিটি হল / ফাংচন হল ইত্যাদি== ১২০০ টকা প্ৰতি অনুষ্ঠান
১৩/ সৰু ঔষধৰ দোকান /লেবেৰেটৰী==৫০ টকা
১৪/ডাঙৰ ঔষধৰ দোকান লেবেৰেটৰী=১০০টকা
১৫ /পথৰ কাষৰ তৰকাৰী দোকান / ফলমূলৰ দোকান == ২ টকা
১৬/ স্থায়ী তৰকাৰী/খাদ্য/ফলমূল দোকান==৫ টকা
১৭/ পথৰ কাষৰ মাছ / মাংস দোকান==২০ টকা
১৮/ স্থায়ী মাছ / মাংস দোকান== ৫০ টকা
১৯/ বিউটী পার্লাৰ== ১০ টকা
২০/ হার্ডৱেৰ দোকান / স্পেয়াৰ পাৰ্টছৰ দোকান
== ২০ টকা
২১ / পেট্রল পাম্প== ২০ টকা
২২/ মেডিকেল দোকান== ২০ টকা
২৩/ঔষধৰ পাইকাৰী দোকান / গুদাম==৫০ টকা
২৪/ গাড়ী / দুচকীয়া বাহনৰ শ্বোৰুম== ৫০ টকা
২৫/চিনেমা হল ==১০০ টকা
২৬/ শ্বপিং মল== ২০০ টকা
২৭/ প্ৰেছ / ডি . টি . পি . চেন্টাৰ==১০ টকা
২৮/ সৰু কাৰখানা== ১০০ টকা ৷
(কাৰ্য্যবাহী বিষয়া , সভানেত্ৰী
বৰপেটাৰােড পৌৰসভা)
উল্লেখ্য যে পৌৰ সভাৰ এই পদক্ষেপে চহৰ খনত এক মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
- Log in to post comments
- 6 views