জামুগুৰিহাটৰ পৰা চন্দন শৰ্মা:
ণিতপুৰ জিলাৰ নদুৱাৰৰ অন্তৰ্গত উত্তৰ জামুগুৰিস্থিত ৰঙাচকুৱা ব্যৱসায় কেন্দ্ৰত বৰ্তমান দিনে-নিশাই একাংশ যুৱক ব্যস্ত থাকে হাউচি খেলত।ৰঙাচকুৱা ব্যৱসায় কেন্দ্ৰত হাউচি খেলৰ নামত মুকলিকৈ লাখ টকাৰ জুৱা সদৃশ খেল খেলাক লৈ সাধাৰণ জনতাৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । উক্ত ব্যৱসায় কেন্দ্ৰটোৰ এফালে আছে বিদ্যালয় আৰু চৰকাৰী কাৰ্যালয়সমূহ, আনফালে আছে গাওঁ ৰক্ষা বাহিনী।এনে অৱস্থাত প্ৰশ্ন উত্থাপন হৈছে এনেদৰে মুক্তভাৱে জুৱা খেল হ'বলৈ পালে কেনেকৈ ? উক্ত ব্যৱসায় কেন্দ্ৰত ডাঙৰৰ লগতে কম বয়সীয়া যুৱকেও হাউচি খেলত অংশগ্ৰহণ কৰা দেখা গৈছে । ৰঙাচকুৱা ব্যৱসায় কেন্দ্ৰটোত প্ৰতি দিনেই চলোৱা হাউচি খেলৰ লাখ টকাৰ জুৱা খেল অতি শীঘ্ৰেই বন্ধ কৰিবৰ বাবে সচেতন নাগৰিকসকলে আহ্বান জনাইছে আৰক্ষী বিষয়া তথা প্ৰশাসনক।অন্যথা উঠি অহা যুৱকসকল ধ্বংসৰ মুখলৈ যাব বুলি উল্লেখ কৰিছে।এই খেলৰ বাবে পৰিয়ালসমূহত আশান্তিয়েও গা কৰি উঠিব পাৰে আশংকা কৰিছে সচেতন ৰাইজে।
- Log in to post comments
- 19 views