হোজাইৰ পৰা মনোজ পাঠকৰ প্রতিবেদন :
হোজাইত নীল- অভি কাণ্ডৰ দৰে জঘণ্য কাণ্ড সংঘটিত হোৱাৰ পৰা কথমপি ৰক্ষা পৰিল দুই যুৱক। হোজাই জিলাৰ ডৱকাৰ চাৰিলাইন যুক্ত ৰাষ্ট্ৰীয় ঘাই পথত যোৱা দেওৱাৰে লক্ষীপূজাৰ নিশা এক মৰেল পুলিচিংৰ দৰে জঘণ্য ঘটনাই অঞ্চলজুৰি সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ | ঘটনা সন্দৰ্ভত জানিব পৰা মতে,কৰ্মসূত্ৰে হোজাই জিলাৰ ভালুকমাৰীৰ "SUGUNA FOODS" নামৰ এটা ব্যক্তিগত কোম্পানীত কৰ্মৰত উজনী অসমৰ শিৱসাগৰৰ যুৱক হৰেশ গগৈ ,হোজাইৰ কাকীৰ যুৱক দীপজ্যোতি কলিতা আৰু তেওলোকৰ লগত কৰ্মৰত দহ জনীয়া এটি দলে কোম্পানীত নিজৰ কৰ্ম শেষ কৰি ৱাইকেৰে নগাওলৈ গৈছিল " ৰত্নাকৰ " নামৰ অসমীয়া ছবিখন চাবলৈ | বোলছবি খন চাই নিশা ১০ বজাত ভালুকমাৰী অভিমূখে আহি থকা অৱস্হাত ৫৪নং ৰাষ্ট্ৰীয় ঘাই পথৰ ডৱকা আৰু কঠিয়াতলীৰ মাজত সামান্য এটা দূৰ্ঘটনাক কেন্দ্ৰ কৰি স্হানীয় কিছু দুষ্ট প্ৰকৃতিৰ দহ-বিশ জনীয়া লোকৰ এটা দলে যুৱকৰ দলটোৰ দুৰ্ঘটনাত পতিত হোৱা দুজন যুৱকক বেয়াকৈ মাৰ পিত কৰে।পিছত আঘাত প্ৰাপ্ত দুই যুৱকক তেওলোকৰ লগত যোৱা বন্ধু কেইজনে ততাতয়াকৈ ঘটনাস্হলীৰ উদ্ধাৰ কৰি প্ৰথমে ডৱকা চৰকাৰী চিকিৎসালয় , তাৰ পিছত নগাও অসামৰিক চিকিৎসালয় আৰু পিছত গুৱাহাটীৰ ক্লিটিকেল কেয়াৰ নামৰ চিকিৎসালয় খনত ভৰ্তি কৰাবলগীয়া হয়।
উল্লেখ্য যে বৰ্তমানেও গুৱাহাটীৰ উক্ত চিকিৎসালয় খনতে চিকিৎসাধীন হৈ আছে দুই যুৱকসহ তেওঁলোকে ৱাইকেৰে আঘাট কৰা আন যুৱক জনো। ইফালে শিৱসাগৰৰ হৰেশ গগৈ নামৰ যুৱকজন বৰ্তমানো সংকট জনক অৱস্থাত ক্লিটিকেল কেয়াৰৰ ভেন্টিলেচনত জীৱন মৰণৰ সতে যুঁজি থকাৰ লগতে কাকীৰ দীপজ্যোতি কলিতাকো ৰখা হৈছে ক্লিটিকেল কেয়াৰৰ অাই চি ইউত | কাকীৰ দীপজ্যোতি কলিতাৰ পিতৃ কুশল কলিতাৰ আৰু লগত বোলছবি চাবলৈ যোৱা সহকৰ্মী বিকাশ দাসে সংবাদ মাধ্যমৰ জৰিয়তে ঘটনা সন্দৰ্ভত উচিত তদন্ত কৰি ঘটনাত জড়িত দোষীক প্ৰশাসনে উচিত শাস্তি দিয়াৰ দাবী উত্থাপন কৰে।
উল্লেখ্য যে, কাকীৰ দীপজ্যোতি কলিতা আছিল ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী। দূখীয়া পৰিয়ালটোক পোহপাল দি আছিল দ্বীপজ্যোতিয়েই।আনহাতে নগাওৰ পৰা চিনেমা চাই লগত অহা প্ৰতক্ষ্যদৰ্শী তথা সহ কৰ্মী বিকাশ দাসৰ মতে, মাৰপিত কৰা স্হানীয় লোক কেইজনে দুই যুৱকক মাৰ পিত কৰাতেই ক্ষান্ত নাথাকি দুয়োজনৰ পৰা হাতৰ ঘডী,পাৰ্চ,মৱাইল ফোন আদিয়ো তানি আজুৰি লৈ যায় । ইত্যিমধ্যে ঘটনা সন্দৰ্ভত কোম্পানীটোৰ কৰ্তৃপক্ষই ডৱকা থানাক অৱগত কৰিছে আৰু এজাহাৰ দাখিল কৰা হ'ব বুলি সাংবাদিকৰ আগত মন্তব্য প্ৰকাশ কৰিছে।
- Log in to post comments
- 41 views