জালাহৰ শিশু জৰ্না হাজৰিকাৰ বিকল দুয়োটা কিডনি : চিকিৎসা সাহাৰ্যৰ বাবে মুখ্যমন্ত্ৰীলৈ কাতৰ অনুৰোধ দৰিদ্ৰ পৰিয়ালটোৰ

jalah

জালাহৰ পৰা গুঞ্জন দাসৰ প্ৰতিবেদন :

বাগসা জিলাৰ জালাহ ঘোগাপাৰৰ  কণমানি শিশু জৰ্না হাজৰিকাৰ দুয়োটা কিডনি বিকল হোৱাত  বৰ্তমান চিকিৎসাৰ অভাৱত নিজ গৃহতে অনিশ্চয়তাৰে জীৱন কটাবলগীয়া হৈছে শিশুটিয়ে।এই সন্দৰ্ভত শিশুটিৰ পৰিয়ালৰপৰা জানিবপৰা মতে ৭ বছৰীয়া জৰ্ণাৰ  প্ৰথম সাধাৰণ জ্বৰ হোৱাত  স্থানীয়ভাবে চিকিৎসা কৰাৰ পিছতো আৰোগ্য  নোহোৱাত পাঠশালাৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা কৰোৱাই যদিও  চিকিৎসকে শিশুটিৰ উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ নিবলৈ পৰামৰ্শ দিয়ে। পিছত শিশুটিক গুৱাহাটীস্থিত  চিকিৎসা মহাবিদ্যালয়ত ১ ছেপ্টেম্বৰত ভৰ্তি কৰোৱা হয়। ২৭ দিন চিকিৎসালয়ত বিভিন্ন পৰীক্ষা - নিৰীক্ষা কৰাত চিকিৎসকে শিশুটিৰ দুয়োটা কিডনি বিকল হোৱা বুলি কয় ।  খোজ কাঢ়িবলৈ দুৰ্বল অনুভৱ কৰা বাগসাৰ ঘোগাপাৰ প্ৰাথমিক বিদ্যালয়ৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰী জৰ্না হাজৰিকাৰ দুয়োটা কিডনিয়ে বিকল হোৱা বুলি চিকিৎসকে ঘোষণা কৰাত দুখীয়া পৰিয়ালটোৰ মূৰত সৰগ ভাগি পৰে। কিছুদিন চিকিৎসাৰ অন্তত আৰ্থিক অনাটনৰ বাবে চিকিৎসা কৰিবলৈ অপাৰগ হৈ পৰিছে আৰু শিশুটিক ঘৰলৈ লৈ আহে।

শিশুটিৰ মাকে জনোৱা মতে চিকিৎসকে ১৫ দিনৰ ঔষধ দিছে যদিও সেয়াও শেষ হোৱাৰ পথত ।  ঘোগাপাৰৰ মধু হাজৰিকা আৰু সন্তৰা হাজৰিকাৰ প্ৰথম সন্তান জৰ্না হাজৰিকাৰ দেউতাকে দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰে আৰু আনৰপৰা ধাৰ - ঋণ লৈ পৰিয়ালটিয়ে জৰ্নাৰ চিকিৎসা কৰাই আহিছিল যদিও ৰোগটিৰ কথা জানিব পাৰি পৰিয়ালটোৱে উৱাহ - দিহ নোপোৱা হৈ পৰিছে।  চিকিৎসকে চিকিৎসাৰ বাবে ৪ লাখ টকা লাগিব বুলি পৰিয়ালক জানোৱাত  উপায়হীন হৈ দুখীয়া আৰু দুৰ্ভগীয়া পৰিয়ালটিয়ে জৰ্নাৰ  চিকিৎসাৰ বাবে অসম চৰকাৰ তথা অসমৰ মুখ্য মন্ত্রী সৰ্বানন্দ সোনোৱাললৈ কাতৰ অনুৰোধ জনাইছে।

Your Comments