সোণাৰিৰ পৰা ঘন বৰাৰ প্রতিবেদন :
সোণাৰিৰ চফ্ৰাই ষ্টেচন চাৰিআলিৰ পৰা সোণাৰিনগৰলৈকে পোন্ধৰ কিলোমিটাৰ জোৰা পদযাত্ৰাত মঙলবাৰে অংশগ্ৰহণ কৰিলে ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে।উল্লেখযোগ্য যে মহাত্মা গান্ধীৰ ১৫০ বছৰীয়া জন্ম জয়ন্তী উপলক্ষে আজিৰে পৰা সমগ্র ভাৰতবৰ্ষৰ সকলো সাংসদে আৰম্ভ কৰা ১৫০ কিলোমিটাৰ গান্ধী সংকল্প যাত্ৰাত আজি সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সমগ্ৰ দেশতে আজিৰপৰা আৰম্ভ হৈছে এই গান্ধী সংকল্প যাত্ৰাৰ।যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ আৰু ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত দহটা বিধানসভা সমষ্টিত পোন্ধৰ কিলোমিটাৰকৈ মুঠ ডেৰশ কিলোমিটাৰ পদযাত্ৰা কৰিব।আজিৰ এই পদযাত্ৰাত মাহমৰা সমষ্টিৰ বিধায়ক যোগেন মহন আৰু জ্যেষ্ঠ বিজেপি নেতা ৰমেন ডেকা, জ্যেষ্ঠ বিজেপি নেতা অনুপ সিং ৰাজপুৰোহিতৰ লগতে সহস্ৰাধিক লোকে সাংসদ দুজনক সংগ দিয়ে। এই পদযাত্ৰা ক্ৰমে যোৰহাট সংসদীয় সমষ্টিৰ মাহমৰাত ২০ অক্টোবৰত, নাজিৰাত ২১ অক্টোবৰত, আমগুৰিত ২২ অক্টোবৰত, থাওৰাত ২৩ অক্টোবৰত, টিয়কত ২৫ অক্টোবৰত, মৰিয়নীত ২৬ অক্টোবৰত, তিতাবৰত ২৭অক্টোবৰত, যোৰহাটত ২৮ অক্টোবৰত আৰু ৩০ অক্টোবৰত শিৱসাগৰত ১৫ কিলোমিটাৰ কৈ এই গান্ধী সংকল্প যাত্ৰাৰ কাৰ্যসূচী ৰূপায়ণ কৰা হব বুলি সাংসদ দুগৰাকীয়ে আজি সংবাদ মাধ্যমক জানিব দিয়ে।
- Log in to post comments
- 8 views