শান্তি সমন্বয়ৰ বাণীৰে লৰমাবটাকুছি ও ছমাৰকুছি যুৱ মঞ্চৰ উদ্যোগত ঈদ্ সমাৰোহ আয়োজনৰ ব্যাপক প্ৰস্তুতি

idd

নৰেন শৰ্মা,বাহাৰঘাট :

নলবাৰী জিলাৰ নলবাৰী আৰু বৰক্ষেত্ৰী সমষ্টিৰ সংগম স্থানত অৱস্থিত এটি অঞ্চল হল লৰমাবটাকুছি আৰু ছমাৰকুছি৷উক্ত স্থানতে হিন্দু আৰু মুছলমানৰ সমন্বয়ত গঢ়ি উঠিছে এখন সুন্দৰ সমাজ৷গঢ়ি তুলিছে এটি সমন্বয়ৰ অনুস্থান লৰমাবটাকুছি ও ছমাৰকুছি যুৱ মঞ্চ৷উক্ত মঞ্চৰ উদ্যোগত বিগত বছৰ কেইটিৰ দৰে এইবেলিওঁ অহা ১৭ আৰু ১৮ অক্টোবৰত দুদিনীয়াকৈ নৱম বৰ্ষৰ বাবে লৰমাবটাকুছি চ'কত আয়োজন কৰিছে আঞ্চলিক ঈদ্ সমাৰোহ৷সেই উপলক্ষে ১৭ অক্টোবৰৰ পূৱা উদযাপন সমিতিৰ কাৰ্য্যকৰী সভাপতি মুনীন্দ্ৰ বেজবৰুৱাই পতাকা উত্তোলন কৰাৰ পিচতে ক্ৰমে শ্বহীদ ভাতৃ ৰহিম আলীয়ে শ্বহীদ তৰ্পণ,ফনীধৰ বৰুৱাই বৃক্ষৰোপন কৰাৰ পিচতে বৰভাগ ইউনাইটেড স্পোৰ্ষ্টচ ক্লাৱৰ উপসভাপতি তবিৱৰ ৰহমানে খেলধেমালি প্ৰতিযোগিতা উদ্বোধন কৰিব,দুপৰীয়া দুই বজাত সমূহীয়া দোৱা প্ৰাৰ্থনা ও কেৰাট পাঠ প্ৰতিযোগিতা উদ্বোধন কৰিব মৌলনা খলিলুৰ ৰহমানে,আবেলি জিকিৰ প্ৰতিযোগিতা উদ্বোধন কৰিব সমাজসেৱক মকিবৰ ৰহমানে,আধুনিক নৃত্য প্ৰতিযোগিতা উদ্বোধন কৰিব বৰভাগ আঞ্চলিক পৰিষদৰ সভাপতি মহেন্দ্ৰ নাথ শৰ্মাই,সন্ধিয়া বন্তি প্ৰজ্বালন কৰিব অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক ঈশ্বৰ চন্দ্ৰ শৰ্মাই,মঞ্চ উদ্বোধন কৰিব বৰভাগ জিলা পৰিষদৰ সদস্যা পদুমী দাসে,সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব নলবাৰী জিলা প্ৰকল্প প্ৰবন্ধ চন্দন তালুকদাৰে৷

১৮ অক্টোবৰ পূৱা চাফাই অভিযান,ভেশচন প্ৰতিযোগিতা,কুইজ প্ৰতিযোগিতা,আবেলি তিনি বজাত মুকলি অধিবেশন ও বটাবিতৰণী সভা৷উদযাপন সমিতিৰ সভাপতি আব্দুল কাদীৰৰ সভাপতিত্বত অনুস্থিত হব লগা সভাখন উদ্বোধন কৰিব উদযাপন সমিতিৰ অধ্যক্ষ ৰামপ্ৰষাদ শৰ্মাই৷সভাত মুখ্য অতিথি হিচাবে সাংসদ কুইন ওজা,দিলীপ শইকীয়া,বিধায়ক নাৰায়ণ ডেকা আৰু অশোক শৰ্মাই অংশগ্ৰহণ কৰিব৷ইয়াৰোপৰি প্ৰাক্তন বিধায়ক মদন কলিতা,আৰক্ষী অধীক্ষক অমনজিৎ কৌৰ,প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰদ্যুত ভূঞা,সমাজসেৱী কুশল কুমাৰ তালুকদাৰ,বৰভাগ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া কান্তা কাকতি,বৰভাগ ৰাজহচক্ৰ বিষয়া চন্দনা বৰুৱা,ঘগ্ৰাপাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ মল্ল পাটোৱাৰী,কমাৰকুছি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজশ্ৰী বুঢ়াগোহাঁই বিশিষ্ট অতিথি হিচাবে অংশগ্ৰহণ কৰাৰ লগতে নলবাৰী জিলা পৰিষদৰ সভাপতি নিতুল ডেকা,গড়কাপ্তানি বিভাগৰ অভিযন্তা ভূপেন শৰ্মা,বোলছবি প্ৰযোজক নিৰঞ্জন কলিতা,সমাজসেৱী ৰামধন বৰ্মন,গিৰীশ শৰ্মা,সুৰেশ শৰ্মা,জয়নাল হক চৌধুৰী সন্মানীয় অতিথি হিচাবে অংশ ল'ব৷তদুপৰি নগাঁও জিলা উন্নয়ন বিষয়া ভূপেশ দাস,পঃবঃধীৰদত্ত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ মনোৰঞ্জন বৰুৱা,আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ সহ অধ্যাপিকা নিভাৰাণী দেৱী আৰু অৱসৰপ্ৰাপ্ত শিক্ষক হৰিদেৱ ভট্টই নিৰ্দিষ্ট বক্তাৰ আসন শুৱনি কৰিব৷

সন্ধিয়া সাত বজাত সম্বৰ্ধনা,৭-১৫ বজাত লোক সংগীত অনুস্থান উদ্বোধন কৰিব জি ভি এমৰ সভাপতি পৃথিভূষণ ডেকাই,৭-৩০ বজাত বন্তি প্ৰজ্বালন কৰিব ডা°বসন্ত কুমাৰ ডেকাই,আঠ বজাত থলুৱা গীতৰ শৰাই উদ্বোধন কৰিব আচুল হক চৌধুৰীয়ে,নিশা দহ বজাত মঞ্চ মুকলি আৰু সাংস্কৃতিক সন্ধিয়া যুটীয়াকৈ উদ্বোধন কৰিব ক্ৰমে বিজেপিৰ ৰাজ্যিক কিষান মৰ্চাৰ কাৰ্য্যনিৰ্বাহ সদস্য দ্বিবন ডেকা আৰু জলসিঞ্চন বিভাগৰ কাৰ্য্যবাহী অভিযন্তা উজ্বল ডেকাই৷ইতিমধ্যে সমাৰোহ উদযাপন কৰিবলৈ ৰামপ্ৰষাদ শৰ্মাক অধ্যক্ষ আব্দুল কাদিৰক সভাপতি,মুনীন্দ্ৰ বেজ কাৰ্য্যকৰী সভাপতি,ৰুবুল আলী প্ৰধান সম্পাদক,মিজানুল হক চৌধুৰী,চাইফুল আলীক সাধাৰণ সম্পাদক হিচাবে লৈ এখন সমিতি গঠন কৰা হৈছে।

Your Comments