নগাঁৱৰ পৰা ৱাহিদুদ জামানৰ প্রতিবেদন :
যোৱা ১০ অক্টোবৰত নগাঁও জিলাৰ ৰাঙলুৰ এইচ পি পেট্ৰ'ল পাম্পৰ সন্মুখত সংঘটিত গুলীচালনা আৰু ডকাইতিৰ ঘটনাৰ সৈতে জড়িত সাত অভিযুক্তকে ইতিমধ্যে নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে । ঘটনাৰ ১২ ঘণ্টাৰ ভিতৰতে নগাঁও আৰক্ষীয়ে ক্ষীপ্ৰতাৰে অভিযান চলাই মূল অভিযুক্ত ইলিয়াছ উদ্দিনক গ্ৰেপ্তাৰ কৰাৰ পিছত কালি নিশা আন ছয় অভিযুক্তকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । ইলিয়াছ উদ্দিনৰ পিছত শেহতীয়াকৈ নগাঁও আৰক্ষীৰ জালত বন্দী হোৱা বাকী ছয় দুৰ্বৃত্তৰ নাম হৈছে নুৰ উদ্দিন , ওমৰ ফাৰুক , সুৰুয আলী , শ্বাৰাফট আলী , জগদাদুল ইছলাম আৰু কিতাব আলী । ইয়াৰে শ্বাৰাফট আলীৰ ঘৰ চামগুৰিত,সুৰুজ আলীৰ ঘৰ জুৰীয়াত আৰু জগদাদুল ইছলাম, কিতাব আলী,ওমৰ ফাৰুক আৰু নুৰুউদ্দিনৰ ঘৰ ৰূপহীহাটত। নগাঁও আৰক্ষীয়ে এই দুধৰ্ষ ডকাইত কেইটাৰ পৰা ৭.৬৫ এম এম এটা পিষ্টল , দুই ৰাউণ্ড সক্ৰিয় গুলী,এটা মেগজিন, চাৰিটা ম'বাইল হেণ্ডচেট আৰু ডকাইতিৰ ঘটনাত ব্যৱহৃত দুখন মটৰ চাইকেলো জব্দ কৰে । এই ছয় দুৰ্বৃত্তই পেট্ৰ'ল পাম্পৰ কৰ্মচাৰী ইলিয়াছ উদ্দিনৰ ব্লুপ্ৰিণ্ট অনুসৰি পাম্পটোৰ মেনেজাৰ ৰাজু জৈনক গুলীচালনা কৰি প্ৰায় ডেৰ লাখ টকা লুট কৰি নিছিল । উল্লেখ্য যে , গুলীচালনাত গুৰুতৰভাবে আঘাতপ্ৰাপ্ত ৰাজু জৈন বৰ্তমানেও চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ।
আৰক্ষীৰ জেৰাত ধৃত দলটোৱে দিয়া স্বীকাৰোক্তি অনুসৰি, মূল অভিযুক্ত নগাঁও জিলাৰ ৰাঙলুগ্ৰান্টৰ ইলিয়াছ উদ্দিনে সুৰুজ আলীৰ লগ লাগি এই ডকাইতিৰ পৰিকল্পনা এবছৰ পূৰ্বেই কৰিছিল যদিও সফল হ'ব পৰা নাছিল।পূৰ্ব পৰিকল্পনা অনুসৰিয়েই যোৱা দহ অক্টোবৰত এই ধন লুট আৰু গুলীচালনাৰ ঘটণা সংঘটিত কৰে।গুলীচালনাৰ ঘটনাত ব্যৱহৃত ৭.৬৫পিষ্টলটো কিতাৱ আলীয়ে ডিমাপুৰৰ পৰা সৰবৰাহ কৰি অনা বুলিও জেৰাত প্ৰকাশ কৰিছে।ইপিনে, সিদিনা ডকাইটিৰ সময়ত জগদাদুল ইছলামে পেট্ৰল পাম্পৰ মেনেজাৰ ৰাজু জৈনৰ হাতৰ পৰা বেগটো কাঢ়ি নিব বিচাৰিছিল যদিও সফল নোহোৱাত তেওঁৰ সতীৰ্থ কেইজনে মেনেজাৰ জনক গুলীয়াই আহত কৰি টকা ভৰ্তি বেগটো কাঢ়ি লৈ যায়।এই ঘটণা সংঘটিত হোৱাৰ পিছৰে পৰা নগাঁও আৰক্ষীয়ে দলটোক কৰায়ত্ত কৰিবলৈ অভিযান অব্যাহত ৰাখে।ঘটণা সংঘটিত হোৱাৰ বাৰ ঘন্টাৰ ভিতৰতে মূল অভিযুক্ত ইলিয়াছ উদ্দিনক গ্ৰেপ্তাৰ কৰে।আৰক্ষীয়ে ইলিয়াছৰ স্বীকাৰোক্তিৰ ভিত্তিতেই আৰক্ষীয়ে জিলা খনৰ ৰূপহীহাট,ম'হ খুলি আৰু জুৰীয়াত ব্যাপক অভিযান চলাই দেওবাৰে নিশা ঘটণাৰ লগত জড়িত আন সকলক কৰায়ত্ত কৰিবলৈ সক্ষম হয়।ইয়াৰে কিতাৱ আলী আৰু ওমৰ ফাৰুক আৰক্ষীৰ ম'ষ্ট ৱান্টেড আছিল।কিতাৱৰ বিৰুদ্ধে কে'বা খনো আৰক্ষী থানাত একাধিক গোচৰ পঞ্জীভূক্ত হৈ আছে বুলিও জানিব পৰা গৈছে।
- Log in to post comments
- 9 views