টুপিয়াৰ কস্তুুৰী কাশ্যপক ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ নৰ্টন সুৰভী এৱাৰ্ড সন্মান প্ৰদান 

jamuguri

জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন :

শোণিতপুৰ জিলাৰ নদুৱাৰৰ অন্তৰ্গত উত্তৰ জামুগুৰিস্থিত টুপিয়া গাঁও নিৱাসী প্ৰভাত শইকীয়া আৰু জ্যোতিকা শইকীয়াৰ সু-কন্যা কস্তুুৰী কাশ্যপে সদ্যঘোষিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতক সংগীত নৃত্য শাখাৰ চূড়ান্ত পৰীক্ষাত সত্ৰীয়া নৃত্য বিভাগত পাঞ্জাবাৰীস্থিত লুইতকোঁৱৰ ৰুদ্ৰ বৰুৱা সংগীত মহাবিদ্যালয়ৰ পৰা অৱতীৰ্ণ হৈ মহাবিদ্যালয় খনৰ ভিতৰতে ভাল ফলাফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হোৱা কস্তুুৰীক নৰ্তন সুৰভি বঁটা প্ৰদান কৰা হয়। যোৱা ১১ অক্টোবৰ শুক্ৰবাৰে গুৱাহাটী মহানগৰৰ পাঞ্জাবাৰীস্থিত শ্ৰীশ্ৰী মাধবদেব আন্ত:ৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহৰ মজিয়াত নৰ্তন কলা নিকেতনৰ উদ্যোগত অনুষ্ঠিত কৰা ২০১৯ বৰ্ষৰ শ্ৰীমন্ত শংকৰদেৱ নিত্য উৎসৱৰ পৱিত্ৰ অনুষ্ঠানত ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ "নৰ্তন সুৰভী" এৱাৰ্ড সন্মান প্ৰদান কৰা হয়। ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ এই বিশেষ সন্মান কস্তুুৰীৰ লগতে প্ৰায় ৩৩ জনে লাভ কৰে । কস্তুুৰী কাশ্যপৰ এই সফলতাৰ আঁৰত থকা ব্যক্তি দুগৰাকী হৈছে সত্ৰীয়া বিষাৰদ ৰামকৃষ্ণ তালুকদাৰ আৰু ৰুমী তালুকদাৰ । কস্তুুৰীয়ে ৰাষ্ট্ৰীয় পৰ্য্যায়ত আন্দামান-নিকোবৰ, কলিকতা আদি স্থানৰ লগতে ২০১৮ বৰ্ষত ৰাষ্ট্ৰীয় দূৰদৰ্শন চেনেলত সত্ৰীয়া নৃত্য প্ৰদৰ্শনৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল । গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভিতৰতেই সত্ৰীয়া নৃত্য বিভাগত দ্বিতীয় স্থান দখল কৰি সত্ৰীয়া নৃত্যৰ জৰিয়তে জামুগুৰিহাটৰ লগতে টুপিয়ালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা কস্তুুৰী কাশ্যপৰ এই সাফল্যত অঞ্চলবাসী উৎফুল্লিত হোৱাৰ লগতে কস্তুৰীলৈ শুভেচ্ছাও জ্ঞাপন কৰে ।

Your Comments