বঙাইগাঁৱত কাঠৰ দলং ভাঙি নৈত পৰিল বাহন

bgn

বঙাইগাঁওঃ

বঙাইগাঁৱৰ পুৰণি বঙাইগাঁৱৰ বেতবাৰীত সোমবাৰে আবেলিৰ ভাগত কুঁজীয়া নৈৰ ওপৰত থকা এখন কাঠৰ দলং ভাঙি এখন বলেৰো পিক আপ ভান নৈত পৰে ৷ এই ঘটনাত বাহনখনত থকা চালসহ পাঁচজনকৈ লোক কথমপি ৰক্ষা পৰে ৷ কুঁজীয়া নৈৰ ওপৰত থকা কাঠৰ দলংখনে নৈখনৰ দুই পাৰে থকা বেতবাৰী আৰু চোৰাপাৰা গাঁওবাসীক সংযোগ কৰিছিল ৷ জানিব পৰা মতে আবেলি বেতবাৰীৰ দিশৰ পৰা বাহনখন চোৰাপাৰালৈ বুলি গৈছিল ৷ কিন্তু উভতি অহাৰ সময়তে ঘটে এই অঘটন ৷ বাহনখন দলঙত উঠাৰ পিচতে ইটো মূৰৰ পৰা দলংখন ভাঙিবলৈ ধৰে আৰু বাহনখন তললৈ পৰি যায় ৷ লগতে দলংখনো সম্পূৰ্ণৰূপে ভাঙি নৈত পৰে ৷ ফলত চোৰাপাৰাবাসী ৰাইজৰ ইটো পাৰৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰে ৷ উল্লেখ্য যে কুঁজীয়া নৈৰ ওপৰৰ এই কাঠৰ দলংখন অসম আৰক্ষীৰ প্ৰজেক্ট প্ৰহৰীৰ অধীনত বিগত ২০০২ চনত সেই সময়ৰ অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰেকৃষ্ণ ডেকাই উদ্বোধন কৰিছিল ৷ তেতিয়াৰে পৰা বেতবাৰী আৰু চোৰাপাৰাবাসীৰ যোগাযোগৰ মুখ্য ভূমিকা গ্ৰহণ কৰি আহিছিল এই দলংখনে ৷ ঊনৈশ বছৰ ধৰি ৰাইজে এই কাঠৰ দলংখনেৰে যাতায়াত কৰি আহিছিল যদিও ক্ৰমাৎ জৰাজীৰ্ণ হৈ পৰিছিল দলংখন ৷bgn

ইপিনে দলংখন ভাঙি পৰাত স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰি কয় যে দলংখন মেৰামতি কৰাৰ লগতে কাঠৰ দলংখনৰ ঠাইত এখন পকী দলং নিৰ্মাণৰ বাবে বহুবাৰ স্থানীয় বিধায়ক তথা বৰ্তমানৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ফনীভূষণ চৌধুৰীক অনুৰোধ কৰাৰ পিচতো কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে ৷ মেৰামতিৰ নামত কেৱল ওপৰৰ অংশৰ সাধাৰণ মেৰামতি কৰি অহাৰ ফলতে এইদৰে দলংখন ভাঙি পৰিল বুলি অভিযোগ কৰে ৷ লগতে স্থানীয় ৰাইজে অতি শীঘ্ৰে এখন পকী দলং নিৰ্মাণ কৰি ৰাইজৰ যাতায়াত ব্যৱস্থা সুচল কৰি তুলিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে ৷ উল্লেখ্য যে দলংখনেৰে চোৰাপাৰাৰ পৰা বেতবাৰী তথা বঙাইগাঁওলৈ বিভিন্ন বিদ্যালয়লত পঢ়া- শুনা কৰা কণ কণ ছাত্ৰ - ছাত্ৰীৰ লগতে বিভিন্ন ছাত্ৰ -ছাত্ৰী, চাকৰিয়াল আদিকে ধৰি সৰ্বস্তৰৰ ৰাইজ অহা যোৱা কৰিছিল ৷ সেয়ে দলংখন ভাঙি পৰাত এইসকল লোক সমস্যাৰ সন্মুখীন হৈছে ৷

Your Comments