সোণাৰিত সাংসদ তপন গগৈৰ সংবাদ মেল : উপ-নিৰ্বাচনত বিজেপি প্ৰাৰ্থী জয়ী হোৱাৰ দাবী

sonari

সোণাৰিৰ পৰা ঘন বৰাৰ প্রতিবেদন :

অহা ২১ অক্টোবৰত অনুষ্ঠিত হ'ব লগা উপ-নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে এইবাৰৰ নিৰ্বাচনৰ অন্যতম গুৰুত্বপূৰ্ণ সমষ্টি সোণৰিৰ নিৰ্বাচনী যুজঁ খন বেছ আকৰ্ষণীয় হৈ পৰিছে। শাসকীয় দলৰ প্ৰাৰ্থী নৱনীতা সন্দিকৈৰ হৈ সাংসদ তপন কুমাৰ গগৈ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলে,তেৰজ গোৱালা,বিমল বড়া,আঙুলতা ডেকা,সঞ্জয় কিষান,যোগেন মহনকে আদি কৰি বিধায়কসকলে গাঁৱে-ভুঞেৱে,চহৰে-নগৰে,বাগিচাসমুহত প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। আজি সোণাৰি বিজেপি মুখ্য কাৰ্যালয়ত সাংসদ তপন কুমাৰ গগৈ আৰু যোগেন মহনে সংবাদ মেল সম্বোধন কৰি আগন্তুক উপ নিৰ্বাচনত প্ৰাৰ্থী নৱনীতা সন্দিকৈয়ে বিপুল ভোটত জয়ী হ'ব বুলি দাবী কৰাৰ লগতে সাংসদ গৰাকীয়ে সোণাৰি সমষ্টিৰ বিভিন্ন উন্নয়ন মুলক কামৰ খতিয়ানো দাঙি ধৰে।

Your Comments