সোণাৰিৰ পৰা ঘন বৰাৰ প্রতিবেদন :
নিৰ্বাচনৰ প্ৰচাৰৰ বাবে ৰথী-মহাৰথীৰ ভিৰ বাঢ়িছে সোণাৰিত। প্ৰতিদিনে সোণাৰিলৈ আহিছে কংগ্ৰেছ-বিজেপি দুয়ো দলৰ শীৰ্ষ নেতা। আজি সোণাৰি সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী সুশীল চুড়ীৰ প্ৰচাৰৰ বাবে সোণাৰিত আহি উপস্থিত হয়হি কংগ্ৰেছ নেতা তথা সাংসদ প্ৰদ্যুৎ বৰদলৈ।
চৰাইদেউ জিলাৰ বৰহাটৰ বজাৰ গৃহত প্ৰাক্তন মন্ত্ৰী তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুন বৰা, প্ৰদ্যুৎ বৰদলৈ তথা বহু কেইজন কংগ্ৰেছ নেতাৰ উপস্থিতিত অনুষ্ঠিত হয় এক নিৰ্বাচনী সভা।উক্ত সভাত অংশগ্ৰহণ কৰি বিজেপি দলক চোকা সমালোচনা কৰে প্ৰদ্যুৎ বৰদলৈয়ে।তেওঁ কয় যে বৰ্তমান অসমৰ অৰ্থনীতি সংকুচিত হোৱাৰ লগতে নিবনুৱা সমস্যা সমাধান কৰিবলৈও বিজেপি চৰকাৰ সক্ষম হোৱা নাই। চিণ্ডিকেটত বহু বিজেপি নেতা ব্যস্ত থকা বুলিও সংসদ গৰাকীয়ে অভিযোগ কৰে। বিজেপি চৰকাৰৰ দিনত মূল্য বৃদ্ধি হৈছে, সম উন্নয়ন হোৱা নাই বুলি কোৱাৰ উপৰি কংগ্ৰেছ চৰকাৰৰ দিনৰ আঁচনি সমূহকে বিজেপিয়ে নতুন নাম দি চলাই থকা বুলিও তেওঁ অভিযোগ কৰে।
- Log in to post comments
- 9 views