বঙাইগাঁওঃ
চিৰাং জিলাৰ ঐতিহাসিক বিজনী চহৰৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী লক্ষ্মী পূজা আৰু মেলা মহোৎসৱখনি দেওবাৰৰ পৰা ২৪ অক্টোবৰলৈ ১২ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে ৷ বিজনী চহৰৰ ৰজা বিজিত নাৰায়ণ সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হোৱা ১২৮ সংখ্যক লক্ষ্মী পূজা আৰু মেলা মহোৎসৱ খনি সন্ধিয়া উৰুলি, শংখধ্বনি, ঘন্টাৰ শব্দৰে মুখৰিত পৰিৱেশত আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বিজনীৰ ৰাজহ চক্ৰ বিষয়া দৰথি দেৱৰায়ে ৷ পূজা আৰু মেলা মহোৎসৱ উদ্বোধন উপলক্ষে বিজনী লক্ষ্মী মন্দিৰ নাট ভৱনত পূজা সমিতিৰ সভাপতি ধনঞ্জয় ৰায়ৰ পৌৰহিত্যত অনুষ্ঠিত উদ্বোধনী সভাত উদ্বোধক দৰথি দেৱৰায়ে সকলো ৰাইজক লক্ষ্মী পূজা আৰু মেলা মহোৎসৱ শান্তি শৃংখলাৰে অনুষ্ঠিত কৰাত সহযোগিতা কামনা কৰি উত্তৰ পূৱৰ ঐতিহাসিক এই মেলা মহোৎসৱখনে সকলো জাতি-গোষ্ঠীৰ মাজত সমন্বয় সৃষ্টি কৰি সমাজ জীৱনক একতাৰ বান্ধোনেৰে বান্ধি আগুৱাই নিয়াত সহায় কৰিব বুলি মত ব্যক্ত কৰে ৷ উদ্বোধনী অনুষ্ঠানত বিজনীৰ মহকুমা আৰক্ষী বিষয়া প্ৰকাশ মেধি, সহকাৰী আয়ুক্ত কৌস্তৱ কলিতা, বুবুল বৈশ্য, ৰাজহ চক্ৰ বিষয়া ৰীতিমণি দাস, বিজনী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰূপক কুমাৰ বৰা, সমাজকৰ্মী সুবীৰ কুমাৰ দাস বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে ৷ নিশা ৮ বজাৰ পৰা অনুষ্ঠিত হয় পৰম্পৰাগত পূজা, হোমযজ্ঞ আৰু আই সকলৰ নাম ৷
উল্লেখ্য যে দেওবাৰে পুৱাৰ ভাগত পূজা সমিতিৰ সভাপতি ধনঞ্জয় ৰায়ে পূজা সমিতিৰ পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ৷ উল্লেখ্য যে ৰজা বিজিত নাৰায়ণ সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত ১২৮ সংখ্যক লক্ষ্মী পূজা আৰু মেলা মহোৎসৱ উপলক্ষে বিজনী চহৰৰ লক্ষ্মী মন্দিৰ প্ৰাংগণ, বিজনী ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয় খেল পথাৰ, বিজনী জিলা ক্ৰীড়া সন্থাৰ খেল পথাৰ, হোলী চাইন্ড ইংলিছ স্কুল, জাকিৰ হুছেইন পাব্লিক হাইস্কুল খেল পথাৰসহ বাট পথ সামৰি বিশাল এলেকাজুৰি পূজা আৰু মেলা মহোৎসৱৰ আয়োজন কৰা হৈছে ৷ এইবাৰো ৰাজ্য খনৰ লগতে দেশৰ বিভিন্ন স্থানৰ পৰা প্ৰদৰ্শনী, বিক্ৰী কেন্দ্ৰ, ৰাষ্ট্ৰীয় পৰ্যায়ৰ বস্ত্ৰ মেলা, চাৰ্কাছৰ লগতে ৰাজ্যৰ দুটাকৈ নাট্য দলে নাট্য সম্ভাৰ লৈ মেলাত উপস্থিত হ'ব ৷ বিজনী ৰাজ ষ্টেটৰ প্ৰতিষ্ঠাতা ৰজা বিজিত নাৰায়ণৰ পৃষ্ঠপোষকতাত আৰম্ভ হোৱা এই পূজাৰ প্ৰতি ৰাইজৰ আকৰ্ষণ অব্যাহত আছে ৷
- Log in to post comments
- 126 views