বঙাইগাঁওঃ
ভাৰতৰ নিৰ্বাচন আয়োগৰ নিৰ্দেশ অনুসৰি সমগ্ৰ দেশৰ লগতে বঙাইগাঁও বিধান সভা সমষ্টিতো ভোটাৰ তালিকাত ভোটাৰৰ নাম পৰীক্ষণৰ কাৰ্যসূচী চলি আছে আৰু অহা ১৫ অক্টোৱৰ অন্তিম দিন হিচাপে ধাৰ্য কৰা হৈছিল যদিও শেহতীয়াভাৱে এই সময়সীমা ১৮ নবেম্বৰলৈ বৃদ্ধি কৰা হৈছে ৷ এই সন্দৰ্ভত শনিবাৰে ভাৰতৰ নিৰ্বাচন আয়োগৰ এক নিৰ্দেশনামৰ্মে ভোটাৰ ৰাইজৰ সুবিধাৰ্থে পূৰ্বৰ উক্ত সময়সীমাৰ বিপৰীতে অহা ১৮ নবেম্বৰলৈ সম্প্ৰসাৰণ কৰি ভোটাৰ তালিকাত ভোটাৰৰ নাম পৰীক্ষণ আৰু প্ৰতিপাদনৰ বাবে অন্তিম দিন হিচাবে ধাৰ্য কৰিছে । গতিকে যি সকল ভোটাৰে এতিয়ালৈকে তেওঁলোকৰ নামসমূহ ভোটাৰ তালিকাত পৰীক্ষণ বা প্ৰতিপাদন কৰা নাই তেওঁ লোকে অহা ১৮ নবেম্বৰৰ ভিতৰত ওচৰৰ অৰুণোদয় কেন্দ্ৰ বা কমন চাৰ্ভিচ চেন্টাৰ নাইবা নিৰ্বাচনী বিষয়াৰ কাৰ্যলয়ত অৱস্থিত ভোটাৰ সহায়ক কেন্দ্ৰলৈ গৈ নাইবা ভোটাৰ হেল্পলাইন মোবাইল এপ ( voter helpline mobile app)ৰ যোগেদিও নাম সমূহ পৰীক্ষণ কৰিব পাৰিব ।
এই নাম পৰীক্ষণ কাৰ্যসূচীত ভোটাৰে নিজৰ EPIC নম্বৰ সন্নিবিষ্ট ভোটাৰ পৰিচয় পত্র আৰু মোৱাইল ফোন লগত লৈ যোৱাতো বাধ্যতামূলক । ইয়াৰ উপৰিও যদি কাৰোবাৰ নাম , বয়স বা কোনো সম্পৰ্কীয় লোক আদিৰ কিবা সংশোধনীৰ আৱশ্যক থাকে তেনেহলে তেওঁলোকৰ উপযুক্ত প্ৰমাণ পত্র লগত লৈ যোৱাতো বাঞ্চনীয় । এই কাৰ্যসূচী সমগ্ৰ ৰাজ্যৰ লগতে ৩২ নং বঙাইগাঁও বিধান সভা সমষ্টিতো অহা ১৫ অক্টোৱৰৰ বিপৰীতে অহা ১৮ নবেম্বৰ অন্তিম দিন হিচাপে ধাৰ্য কৰা হৈছে ।
- Log in to post comments
- 10 views