বঙাইগাঁওঃ
চিৰাং জিলাৰ বিজনী মহকুমাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পাণবাৰী সংৰক্ষিত বনাঞ্চলৰ গাব্ৰুখুন্দা নামৰ অঞ্চলটোত বিগত ২৩ ছেপ্টেম্বৰত সেনা-আৰক্ষীৰ দলে এন ডি এফ বিৰ ছাৰাগৌৰা গোটৰ বৃহৎ পৰিমাণৰ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ কৰাৰ পাছত সেনা আৰু আৰক্ষীয়ে অব্যাহত ৰাখিছে তৎপৰতা ৷ লগতে উগ্ৰপন্থী সংগঠনটোৰ কাম কাজত বিশেষ নজৰ ৰাখিছে সেনা-আৰক্ষীয়ে ৷ ইয়াৰ মাজতে শনিবাৰে এক গোপন তথ্যৰ ভিত্তিত আৰক্ষী, সেনা আৰু চি আৰ পি এফ বাহিনীয়ে চলোৱা যৌথ অভিযানত এন ডি এফ বিৰ এজন লিংকমেনক মাৰণাস্ত্ৰ সহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে অভিযানকাৰী দলটোয়ে৷
চিৰাং জিলাৰ বিজনী মহকুমাৰ পাণবাৰী দৈমুগুৰিত পাণবাৰী থানাৰ আৰক্ষী, সেনাৰ পঞ্চম গাৰোৱাল ৰাইফল আৰু চি আৰ পি এফৰ ১৫৬ নম্বৰ বেটেলিয়নৰ যৌথ অভিযানত যোৱা নিশা মাৰণাস্ত্ৰসহ এন ডি এফ বিৰ লিংকমেনজন গ্ৰেপ্তাৰ হয় । নিশাৰ পৰা চলোৱা যৌথ অভিযানত দৈমুগুৰি গাঁৱৰ ৰাজু ব্ৰহ্ম নামৰ ২৩ বছৰীয়া যুৱকজনক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁৰ জিম্মাত থকা আৰু ঘৰৰ চৌহদৰ মাটিত পুতি থোৱা অৱস্থাত ৰখা কাৰখানাত নিৰ্মিত এটা এছ বি বি এল বন্দুক , ৭.৬২ এম এম একে ৪৭ ছিৰিজৰ ৰাইফলৰ ১০ টা সজীৱ গুলী আৰু এইছ ই ৩৬ গ্ৰেণেড এটা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ইতিপূৰ্বে ১২ অক্টোবৰত ধুবুৰী জিলাৰ বিলাসীপাৰাত গ্ৰেপ্তাৰ হোৱা এন ডি এফ বিৰ(ছা) কেডাৰ সুনীলাল বড়োৰ সৈতে মানাহ অভয়াৰণ্যত এন ডি এফ বিৰ খাদ্য সামগ্ৰী যোগান ধৰিছিল বুলি ধৃত ৰাজু ব্ৰহ্মই আৰক্ষীৰ আগত স্বীকাৰ কৰিছে । লগতে ধৃত ৰাজু ব্ৰহ্মই ইয়াৰ পূৰ্বতেও গঁড় হত্যাৰ গোচৰত জেললৈ গৈছিল বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ ৷ চিৰাং জিলাৰ আৰক্ষী অধীক্ষক সুধাকৰ সিঙে লিংকমেনজন মাৰণাস্ত্ৰসহ গ্ৰেপ্তাৰ হোৱাৰ পাছত পাণবাৰী থানাত উপস্থিত হৈ ঘটনাৰ বুজ লয় ৷
- Log in to post comments
- 10 views