নৰেন শৰ্মা,বাহাৰঘাট :
ঘগ্ৰাপাৰ আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত স্থানীয় হাইস্কুল খেলপথাৰত চলি থকা ৰেজেক আলী সোঁৱৰণী চলন্ত ট্ৰফ্ৰী ফুটবল প্ৰতিযোগিতাৰ দেওবাৰে অনুষ্ঠিত ফাইনেল খেলখনত মুকালমুৱা আঞ্চলিক ক্ৰীড়া সন্থা(মাছা)ই চুড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন কৰে।বিজয়ী দলটোৱে একমাত্ৰ গলৰ ব্যৱধানত ডি এফ চি ছয়গাঁৱক পৰাস্ত কৰে।বিজয়ী দলটোৰ হৈ গলটো দিয়ে মন্টু আলীয়ে। শ্ৰেষ্ঠ খেলুৱৈৰ বঁটাও তেওঁ লাভ কৰে।খেলখনত শ্ৰেষ্ঠ গলকীপাৰৰ বঁটা লাভ কৰে মাছাৰ টিকুৱে ।খেলখন আনুষ্ঠানিকভাৱে মুকলি কৰে সাংসদ দিলীপ শইকীয়াই ।সাংসদ শইকীয়াই ভাষণত আগত দিনত ঘগ্ৰাপাৰ হাইস্কুল খেল পথাৰখন উন্নয়নৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিব বুলি মন্তব্য কৰে।
- Log in to post comments
- 12 views