সোণাৰিৰ পৰা কোটি টকা আত্মসাৎ কৰা প্ৰৱঞ্চকৰ দলক গুজৰাটত আটক

sonari

সোণাৰিৰ পৰা ঘন বৰাৰ প্রতিবেদন :


অৱশেষত আৰক্ষীৰ জালত পৰিল "স্পেৰ' ট্রেডাৰচ" প্ৰৱঞ্চকৰ দল। অসমৰ লগতে নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ বহু লোকৰ পৰা বৃহৎ পৰিমাণৰ ধন আত্মসাৎ কৰা প্ৰৱঞ্চক দলটো আৰক্ষীৰ জালত পৰে গুজৰাটৰ বাৰুচ জিলাত। উল্লেখ্য যে চলিত বৰ্ষতে সোণাৰি বৰাহী চাৰিআলিত নিজকে কৰ্ণাটকৰ পৰা অহা বুলি পৰিচয় দিয়া এদল ব্যৱসায়ীয়ে গ্ৰাহকক ৰেহাই মূল্যত বিভিন্ন সামগ্ৰী যোগান ধৰাৰ প্ৰতিশ্ৰুতিৰে এম এছ স্পেৰ ট্ৰেডাৰচ' নামৰ এটা ব্যৱসায়িক প্ৰতিষ্ঠানৰ আৰম্ভ কৰিছিল। কিন্তু চতুৰ এই ব্যৱসায়ীকেইজনে জনসাধাৰণক আভুৱা ভাৰি গ্ৰাহকৰ পৰা আগধন লৈ কিছুদিন ব্যৱসায় কৰাৰ পাছত গ্ৰাহকৰ পৰা সংগ্ৰহ কৰা বৃহৎ পৰিমাণৰ ধন লৈ যোৱা ৬ মে'ৰ নিশাই পলায়ন কৰিছিল।

 ইফালে এই সন্দৰ্ভত প্ৰতাৰিত গ্ৰাহক তথা বিভিন্ন দল সংগঠনৰ অভিযোগ তথা এজাহাৰৰ ভিত্তিত সোণাৰি আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি অনুসন্ধান আৰম্ভ কৰে । চৰাইদেউ জিলাৰ উপ আৰক্ষী অধীক্ষক বিভাস দাসৰ নেতৃত্বত সুদীৰ্ঘ পাঁচ মাহ অনুসন্ধানৰ পাছত প্ৰৱঞ্চকৰ দলটোৱে গুজৰাটৰ বাৰুচ জিলাত "তুলসী" নামেৰে একেধৰণৰ ব্যৱসায় কৰাৰ তথ্য লাভ কৰে। পৰৱৰ্তী সময়ত উপ আৰক্ষী অধীক্ষক বিভাস দাসে গুজৰাট আৰক্ষীৰ লগত যোগাযোগ কৰাত গুজৰাট আৰক্ষীয়ে তদন্ত চলাই ব্যৱসায়ীকেইজনৰ মোবাইল ট্ৰেক কৰি অৱশেষত ধৰিবলৈ সক্ষম হয়। গুজৰাট আৰক্ষীয়ে আটক কৰা প্ৰৱঞ্চক কেইটাক কমলা বছৰ  (৪৫), ঘনশ্যাম সুন্দৰম আচাৰা (৫৮), মাঠু থানমূলী (৪৬) ইউচুফ ৰাউঠাই (৪৬) বুলি সদৰী কৰিছে চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই।

 আনহাতে গুজৰাট আৰক্ষীয়ে আটক কৰা প্ৰৱঞ্চক কেইটাক আজি সোণাৰি আৰক্ষী থানাত হাজিৰ কৰাই সোধাপোছা অব্যাহত ৰাখিছে। প্ৰাৰম্ভিক অনুসন্ধান অনুসৰি প্ৰৱঞ্চক দলটোৱে প্ৰায় এক কোটিৰো অধিক টকা আত্মসাৎ কৰা বুলি সন্দেহ কৰিছে আৰক্ষীয়ে।

Your Comments