ভৰালটোলাত উপেন্দ্ৰ স্বৰ্গিয়াৰীৰ কাব্যগ্ৰন্থ "নৈপৰীয়া পাত গাভৰু" উন্মোচন

baharghat

নৰেণ শৰ্মা,বাহাৰঘাট :

“কবিতা লিখিলে কবি নহয়, কিতাপ লিখিলে নহয় সাহিত্যক এই বক্তব্য কামৰূপ জিলা সাহিত্য সভাৰ মুখ্য সাংগঠনিক সম্পাদক নৃপেন্দ্ৰ কুমাৰ ভাগৱতীৰ৷দেওবাৰে নলবাৰী জিলাৰ দক্ষিণ পূৱ প্ৰান্তৰ জনজাতি অধ্যুষিত অঞ্চল বৰগাছা ভৰালটোলা ধৰ্মক্ষেত্ৰত আয়োজিত শ্ৰীশ্ৰী লক্ষ্মীপূজা উদযাপন সমিতিৰ উদ্যোগত বিশিষ্ট কবি উপেন্দ্ৰ স্বৰ্গিয়াৰীৰ কাব্যগ্ৰন্থ নৈপৰীয়া পাতগাভৰু উন্মোচন কৰি সাহিত্যক গৰাকীয়ে এইদৰে কয়৷বৰগাছা মিলন হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ৰজনী চন্দ্ৰ লহকৰৰ সভাপতিত্বত আবেলি চাৰি বজাত অনুস্থিত হোৱা সভাত সাহিত্যিক গৰাকীয়ে কয় যে কবিতা আৰু মন্ত্ৰৰ সম্পৰ্ক আছে৷সভাত কামৰূপ জিলা সাহিত্য সভাৰ সম্পাদক ৰাজেন মহন্তই কয় যে গ্ৰন্থ লিখিবলৈ আটাইতকৈ ডাঙৰ বস্তু হৈছে ধৈৰ্য্য৷সভাত মুখ্য অতিথি হিচাবে অংশগ্ৰহণ কৰি নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ডা°বিপিন চন্দ্ৰ কলিতাই কয় যে কবিতাৰ জৰিয়তে স্বৰ্গিয়াৰীয়ে প্ৰতিষ্ঠা লাভ কৰিছে৷

সভাত ৰাইজৰ ফালৰ পৰা মফিজুদ্দিন আহমেদ হাজৰিকা,গগন কলিতা,নাৰায়ণ তালুকদাৰ,শিশুৰাম শইকীয়াকে আদিকৰি কেইবাজনো লোকে বক্তব্য ৰাখে৷ইয়াৰোপৰি জুৱলি পাটোৱাৰীয়ে স্বৰ্গিয়াৰীৰ এটি কবিতা আবৃত্তি কৰি উপস্থিত ৰাইজৰ প্ৰশংসা বুতলিবলৈ সক্ষম হয়৷সভাত কবি গৰাকীক কেইবাজনো লোকে গামোছাৰে সম্বৰ্দ্ধনা জনায়৷সাংবাদিক নৰেণ শৰ্মাই আঁতধৰা সভাখনত বাহাৰঘাট আঞ্চলিক শাখা সাহিত্য সভাৰ সভাপতি ভবেশ শৰ্মা,পঃবঃশাখা সাহিত্য সভাৰ সভাপতি ৰামদত্ত লহকৰ,সাহিত্য কৰ্মী অনিল চন্দ্ৰ তালুকদাৰ আদিকৰি কেইবাগৰাকীও বিশিষ্ট লোকে মঞ্চ শুৱনি কৰে৷ জিয়াউল হকৰ ৰাভা সংগীতৰে আৰম্ভ কৰা সভাখনত কেইবা শতাধিক লোক উপস্থিত থাকে৷সভাৰ শেষত লক্ষ্মী পূজা উদযাপন সমিতি আৰু উপেন্দ্ৰ স্বৰ্গিয়াৰীৰ পৰিয়ালৰ তৰফৰ পৰা শলাগৰ শৰাই আগবঢ়ায়।

Your Comments