নলবাৰীত ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ সামৰণি

nlb

বৰভাগৰ পৰা সঞ্জয় দাসৰ প্ৰতিবেদনঃ

ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ নলবাৰী জিলা সমাৰোহখন শনিবাৰে দিনযোৰা কাৰ্যসূচীৰে নলবাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হৈ যায়। নলবাৰী জিলা, ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ উদযাপন সমিতিৰ সভাপতি ডঃ দীনমনি ভাগৱতীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা প্ৰকল্প উপস্থাপন সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকি নলবাৰী জিলাৰ উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীয়ে শিশু বিজ্ঞানীসকলক সহযোগীতাৰ মনোভাৱেৰে আগবাঢ়ি গৈ দেশৰ উন্নয়নৰ সমভাগী হোৱাৰ বাবে আহ্বান জনায় । নলবাৰী জিলাখন শিক্ষাৰ ক্ষেত্ৰত যেনেদৰে আগবাঢ়ি গৈছে বিজ্ঞানৰ দিশতো সমানেই আগবাঢ়ি যোৱাৰ বাবেও উপায়ুক্ত গৰাকীয়ে আহ্বান জনায় । সভাত নলবাৰী জিলা প্ৰাথমিক শিক্ষা বিষয়া সীমান্ত কুমাৰ ডেকা আৰু জিলা অধিবিদ্যা পৰিষদৰ সম্পাদক কৃষ্ণ মহন্তয়ো শিশু বিজ্ঞানীসকলক বৈজ্ঞানিক দৃষ্টিভঙ্গীৰে আগবাঢ়ি যোৱাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।

nlb
নলবাৰী জিলা ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ সমন্বয় ৰক্ষী প্ৰদীপ মহন্তই আঁতধৰা সমাৰোহখনত তিনি শতাধিক শিশু বিজ্ঞানীয়ে এখন পৰিছন্ন, সেউজ আৰু সুস্থ দেশৰ বাবে বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱন শীৰ্ষক বিষয়ৰ ওপৰত নিজ নিজ প্ৰকল্প উপস্থাপন কৰে ।  আনহাতে অহা বৰ্ষত নলবাৰী জিলাত  ৰাজ্যিক পৰ্যায়ৰ সমাৰোহ আয়োজনৰ বাবে ৰাজ্যিক সংগঠনক প্ৰস্তাৱ পঠোৱাৰ বাবেও জিলা উপায়ুক্ত গৰাকীয়ে আগ্ৰহ প্ৰকাশ কৰে । অনুষ্ঠানত অংশগ্ৰহণ কৰা শিশু বিজ্ঞানীৰ পৰা ১২ গৰাকী শিশু বিজ্ঞানীক অহা ১ নবেম্বৰ পৰা তিনিচুকীয়া জিলাৰ ডুমডুমাত অনুষ্ঠিত হ'বলগীয়া ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহলৈ নিৰ্বাচিত কৰা হ'ৱ বুলি ঘোষণা কৰে জিলা  শৈক্ষিক সমন্বয়ৰক্ষী ডাঃ সমুজ্জ্বল ভৰদ্বাজে। সামৰণি আৰু বঁটা বিতৰণী সভাত কেইবাগৰাকীও ৰাষ্ট্ৰীয় পৰ্যায়ত অংশগ্ৰহণ কৰা শিশু বিজ্ঞানী, পদাৰ্থ বিজ্ঞানীকে ধৰি লিখক মহানন্দ  পাঠক ,সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য ভৱজিত বেজবৰুৱা আৰু অসম জাতীয়াতবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলাৰ সম্পাদক নিৰোদ দাস উপস্থিত থাকি শিশু বিজ্ঞানী সকলক উৎসাহিত কৰে।

Your Comments