জীৱনত সফলতাৰ উচ্চ শিখৰলৈ গৈয়ো শিপাক পাহৰিব নালাগিব : ড: আবু হানিফা

nagaon

নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা :

অসম বিবেক প্ৰয়াত হৰেশ্বৰ গোস্বামীৰ দৰে বৰেণ্য শিক্ষাবিদ, গিৰীন্দ্ৰ কুমাৰ বৰুৱাৰ দৰে জাতীয়তাবাদী   নেতা আৰু অসম আন্দোলনৰ মজিয়া গৰকা যুৱ প্রজন্মৰ একাংশ সচেতন প্ৰতিনিধিৰ আশাশুধীয়া প্ৰচেষ্টাত নগাঁও চহৰত ১৯৯৬ চনতে গঢ় লৈ উঠিছিল কলংপাৰ বিদ্যাপীঠ নামৰ এখন বেচৰকাৰী কনিষ্ঠ মহাবিদ্যালয়। ৰাজ্যৰ শৈক্ষিক ক্ষেত্রখনত এক গৌৰৱোজ্জ্বল ইতিহাস বহন কৰি অহা কলংপাৰ বিদ্যাপীঠে আগন্তুক বৰ্ষত ৰূপালী জয়ন্তী উদযাপন কৰিব। শনিবাৰৰে পৰা কনিষ্ঠ মহাবিদ্যালয়খনত ৰূপালী জয়ন্তী বৰ্ষক আদৰাৰ প্ৰস্তুতি আৰম্ভ হৈছে । কলংপাৰ বিদ্যাপীঠৰ শনিবাৰে অনুষ্ঠিত নৱাগত আদৰণি উৎসৱত শিক্ষা প্ৰতিষ্ঠানখনৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ বিষয়ে আলোচনা কৰা হয় । আনহাতে নৱাগত আদৰণি উৎসৱত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি বিশিষ্ট শিক্ষাবিদ, সাংবাদিক ড: আবু হানিফাই কলংপাৰ বিদ্যাপীঠৰ শৈক্ষিক অৱদানৰ কথা দোহাৰি কয়  'জীৱনত সফলতাৰ উচ্চ শিখৰলৈ গৈও শিপাক পাহৰিব নালাগিব।n

ঐতিহ্যৰ মাটিত ভৰি থৈহে চিনিব লাগিব বিশ্বক।' প্ৰাক্তন মন্ত্ৰী তথা কলংপাৰ বিদ্যাপীঠ পৰিচালনা সমিতিৰ সভাপতি গিৰীন্দ্ৰ কুমাৰ বৰুৱাৰ পৌৰোহিত্যত অনুষ্ঠিত নৱাগত আদৰণি সভাখনত বিদ্যাপীঠখনৰ অধ্যক্ষ অমৰজিৎ গোস্বামী, অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক পদুম ৰাজখোৱা আৰু প্ৰবক্তা ইন্দ্ৰমোহন বৰাই কলংপাৰ বিদ্যাপীঠৰ গৌৰৱোজ্জ্বল শৈক্ষিক যাত্ৰাৰ কথা দোহাৰি সমাগত ২০২০ বৰ্ষত শিক্ষা প্ৰতিষ্ঠানখনৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপনত সকলোৰে সহযোগিতা কামনা কৰে । অনুষ্ঠানত কৃতী ছাত্ৰ-ছাত্ৰীদ্বয়- কন্চেপ্ট জুনিয়ৰ কলেজৰ গীতাঞ্জলি বৰঠাকুৰ আৰু ৰামানুজন জুনিয়ৰ কলেজৰ বিতোপন আৰান্ধৰাক ক্ৰমে শিক্ষাবিদ হৰেশ্বৰ গোস্বামী আৰু শিক্ষাবিদ হেমকান্ত শৰ্মা বঁটাৰে পুৰষ্কৃত কৰাৰ লগতে ৰাষ্ট্রীয় পৰ্যায়ত সংস্কৃত ভাষাত দেশভক্তিমূলক গীত গাই সুনাম অৰ্জন কৰা শিল্পী ৰঞ্জন বেজবৰুৱাক উক্ত সভাত সম্বৰ্ধনা জ্ঞাপন কৰা হয়। প্ৰায়  দুটা দশক ধৰি বিদ্যাপীঠৰ শৈক্ষিক আৰু সাংস্কৃতিক দিশত ওতঃপ্ৰোতভাৱে জড়িত শিল্পী বেজবৰুৱাই তেওঁৰ বৰ্ণিল সংগীত যাত্ৰাৰ আৰম্ভণি কলংপাৰ বিদ্যাপীঠতে হোৱা বুলি উল্লেখ কৰি অনুষ্ঠানত  সংস্কৃত গীত পৰিৱেশন কৰে।r

উল্লেখ্য যে এই অনুষ্ঠানতে কনিষ্ঠ মহাবিদ্যালয়খনৰ আগন্তুক ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ উদ্দেশ্যে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ উদ্যোগত ‘এনাজৰী’ শীৰ্ষক বিদ্যাৰ্থীকেন্দ্ৰিক প্ৰস্তুতি গোট এটি গঠন কৰা হয়। নৱাগত আদৰণি সভাত ছাত্ৰ-ছাত্ৰীৰ ফালৰ পৰা বক্তব্য  ৰাখে বেদস্মিতা শইকীয়া আৰু বিকাশ শৰ্মাই। বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানটিৰ আঁত ধৰে প্ৰবক্তা অতুল বৰুৱা আৰু ৰুণামণি শইকীয়াই ।

Your Comments