চিৰাঙৰ কাজলগাঁৱত ১৩ অক্টোবৰৰ পৰা ১২ দিনীয়া বিস্তৃত কাৰ্যসূচীৰে  পূজা আৰু মেলাৰ আয়োজন

bgn

বঙাইগাঁওঃ 

চিৰাং জিলাৰ সদৰ কাজলগাঁৱত এইবেলি ৫৮ সংখ্যক ঐতিহাসিক শ্ৰীশ্ৰী লক্ষ্মী পূজা আৰু মেলা মহোৎসৱখনি ১৩ অক্টোৱৰৰ পৰা ২৪ অক্টোবৰলৈ ১২ দিনীযা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব ৷ জাতি, ধৰ্ম , বৰ্ণ , ভাষা নিৰ্বিশেষে ১৯৬১ চনৰ পৰা অনুষ্ঠিত হৈ অহা এই পূজা আৰু মেলা ১৯৯০ চনৰ পৰাই আধুনিক মেলাৰ প্ৰতিটো উপকৰণেৰে অনুষ্ঠিত হৈ আহিছে । চৰকাৰী পঞ্জীয়নভূক্ত এই পূজা আৰু মেলা সমিতিয়ে ইতিমধ্যে বজাৰ প্ৰাংগণত  প্ৰায় ডেৰ কোটি টকা বাজেটেৰে স্থায়ী লক্ষ্মী মন্দিৰ , ব্ৰহ্ম মন্দিৰ আৰু শিৱ মন্দিৰৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছে । যোৱা তিনি বছৰত মন্দিৰৰ এই নিৰ্মাণ কাৰ্য ত্বৰান্বিত কৰি ইতিমধ্যে অধিকাংশ কাম সম্পন্ন কৰিছে । অনৈক্যৰ মাজত ঐক্যৰ বাৰ্তা কঢ়িয়াই অনা কাজলগাঁৱৰ ঐতিহ্যমণ্ডিত এই পূজা আৰু মেলা সূচাৰুৰূপে পৰিচালনা কৰিবলৈ এইবেলি অসমৰ কেবিনেট মন্ত্ৰী তথা ছিদলী সমষ্টিৰ বিধায়ক চন্দন ব্ৰহ্মক মুখ্য পৃষ্ঠপোষক , চিৰাং জিলা উপায়ুক্ত গৌতম তালুকদাৰ আৰু কাজলগাঁও নগৰ সমিতিৰ অধ্যক্ষ পানীৰাম ব্ৰহ্মক পৃষ্ঠপোষক , কাজলগাঁৱৰ বিশিষ্ট সমাজকৰ্মী সুভাষ চন্দ্ৰ ব্ৰহ্মক সভাপতি , বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য নীৰেন ৰায় , হেমন্ত বসুমতাৰী , নন্দ দুলাল সৰকাৰ আৰু চবিন্দ্ৰ নাৰ্জাৰীক উপ - সভাপতি আৰু প্ৰদীপ বসুমতাৰীক সাধাৰণ সম্পাদক হিচাপে লৈ ৫১ জনীয়া মূল কাৰ্যকৰী সমিতিখন গঠন কৰা হৈছে । লগতে কাজলগাঁৱৰ পাৰ্শ্বৱৰ্তী ১৫ খন গাঁৱৰ শতাধিক প্ৰতিনিধিৰ অৰ্ন্তভূক্তিৰে ২০ খন উপ সমিতি গঠন কৰি এই পূজা আৰু মেলাৰ কাম আগবঢ়াই নিয়া হৈছে । এইবাৰৰ পূজা আৰু মেলাত বিশেষ আকৰ্ষণ হিচাপে থাকিব সুদূৰ কলিকতাৰ পৰা অহা চাৰ্কাচ , যাদুঘৰ , মিনাবাজাৰ , এক্সপো আদি । অহা ১৩ অক্টোৱৰত পূজা আৰু যজ্ঞাহুতি দিব চিৰাং জিলাৰ অতিৰিক্ত উপায়ুক্ত কৰ্মদেৱ ব্ৰহ্মই আৰু ১৫ অক্টোৱৰত মেলা আনুষ্ঠানিকভাবে উদ্বোধন কৰিব মন্ত্ৰী চন্দন ব্ৰহ্মই । কাজলগাঁৱৰ শ্ৰীশ্রী লক্ষ্মী মন্দিৰ প্ৰাংগণত পূজা সমিতিয়ে শনিবাৰে আয়োজন কৰা এক সংবাদ মেলত পূজা সমিতিৰ বিষয়ববীয়াই সাংবাদিকৰ আগত এই কথা সদৰি কৰে । এইবাৰৰ পূজা আৰু মেলাত প্লাষ্টিকজাতীয় সামগ্ৰী বৰ্জনৰ ক্ষেত্ৰৰ  সমিতিয়ে বিশেষ গুৰুত্ব আৰোপ কৰা বুলিও সংবাদমেলত লগতে জানিবলৈ দিয়ে ৷

Your Comments