বামুন্দীৰ গাঁওবুঢ়া চৰত মৃতেদহ উদ্ধাৰ

bamundi

শুৱালকুছিৰ পৰা মৃণাল ডেকাৰ প্ৰতিবেদন  :

কামৰূপ জিলাৰ শুৱালকুছি নদী আৰক্ষী থানাৰ অন্তৰ্গত বামুন্দীৰ গাঁওবুঢ়া পাম চৰৰ পৰা কিছু নিলগত বহ্মপুত্ৰ নদীৰ পানী জুৱলিত শনিবাৰে উপঙি থকা অৱস্থাত  এটি মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই  সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।মৃত লোক জনক প্ৰদীপ কলিতা ওৰফে মাষ্টৰ বুলি চিনাক্ত কৰা হৈছে। মৃতদেহটোৰ বিভিন্ন স্থানত চোকা অস্ত্ৰৰ আঘাতৰ চিন স্পষ্ট হৈ থকাৰ লগতে ডিঙিত মাটি ভৰ্তি এটি বেগ আৰি দিয়াৰ লগতে ভৰিত ৰচিৰে বান্ধি থকা অৱস্থাত উদ্ধাৰ হোৱালৈ চাই এইটো এটা  হত্যাকাণ্ড বুলি স্থানীয় ৰাইজে সন্দেহ কৰিছে। জানিব পৰা মতে মৰিগাঁৱৰ লাহৰিঘাট নিবাসী প্ৰদীপ কলিতা ওৰফে মাষ্টাৰ নামৰ লোকজন যোৱা ৩০ বছৰে শুৱালকুছি থানাৰ অন্তৰ্গত  গাঁওবুঢ়া পামৰ চৰত অঘৰী জীৱন নিৰ্বাহ কৰি আছিল ।  যোৱা ৩০ টা বছৰে সেই চৰৰে ৰামজান আলীৰ ঘৰত নিশা কটোৱা ব্যৱস্থাৰে জীৱন অতিবাহিত কৰা প্ৰদীপ কলিতা এজন শিক্ষিত লোক আছিল । চৰকাৰী বা কোনো বেচৰকাৰী শিক্ষানুষ্ঠানত শিক্ষকতা কৰা নাছিল যদিও তেও চৰ অঞ্চলৰ স্কুলৰ ছাত্ৰ/ছাত্ৰী সকলক বিনা বেতনে শিক্ষা দান কৰি  নিজৰ জীৱন উচৰ্গা কৰিছিল। এই সময়ছোৱাত তেওঁ
নিজৰ পৰিয়ালৰ লগতো তেওঁ কোনো যোগাযোগ ৰখা নাছিল বুলি উক্ত অঞ্চলৰ লোকসকলে জানিব দিয়ে । কিন্তু যোৱা ৯ অক্টোৱৰ বুধবাৰৰ পৰা মানুহজন নিখোজ হৈ পৰে আৰু শনিবাৰে হঠাতে ব্ৰহ্মপুত্ৰৰ গাঁওবুঢ়া চাপৰিত  নৈত উপঙি থকা অৱস্থাত স্থানীয় লোকে মৃতদেহটো প্ৰত্যক্ষ কৰি শুৱালকুছি নদী আৰক্ষীক খবৰ দিয়ে । কিছু সময় পিছতে শুৱালকুছি নদী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হস্পিতাললৈ প্ৰেৰণ কৰে । মৃতদেহটোত থকা আঘাতৰ চিনৰ প্ৰতি লক্ষ্য কৰি এইটো এটা হত্যাকাণ্ড বুলি শুৱালকুছি নদী আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে ।ইতিমধ্যে শুৱালকুছি নদী আৰক্ষীয়ে ৩৩/১৯ ইউএচ৩০২/২০১ ভাৰতীয় দণ্ডবিধি আইনত কেছ ৰজু কৰি তদন্তত নামি পৰিছে ।

Your Comments