বিশেষ প্ৰতিবেদক, নিউজ এএছএন :
বৰ্তমান সময়ত মানসিক স্বাস্থ্যজনিত কাৰণত বিভিন্ন ব্যক্তিয়ে বিভিন্ন মনো-দৈহিক সমস্যাৰ সন্মুখীন হৈ আহিছে। মানসিক স্বাস্থ্যৰ অন্তৰ্গত তেনে এক সমস্যা হ'ল মানসিক বিকাৰগ্ৰস্ততা। অৱশ্যে এই মানসিক বিকাৰগ্ৰস্ততাৰ উন্নত আৰু আধুনিক চিকিৎসা ব্যৱস্থা বৰ্তমান সহজলভ্য যদিও বিভিন্ন সময়ত পৰিয়ালৰ অমনোযোগিতা আৰু দায়িত্বহীনতাৰ বাবে মানসিক বিকাৰগ্ৰস্ত লোকজন অতি কৰুণ অৱস্থালৈ গতি কৰে। আনকি তেওঁক পৰিয়াল তথা সমাজৰ পৰা দূৰৈত ৰাখি জন্তুতকৈও নিৰ্মম ব্যৱহাৰ কৰাৰ উদাহৰণ যথেষ্ট আছে। ধনী-দুখীয়া, শিক্ষিত-অশিক্ষিত প্ৰায় সকলোৱে মানসিক বিকাৰগ্ৰস্ত লোকক অতি নিৰ্দয় ব্যৱহাৰ কৰা পৰিলক্ষিত হয়।
তেনে এক মানসিক বিকাৰগ্ৰস্ত লোকক এখন সম্ভ্ৰান্ত ঘৰৰ উচ্চ শিক্ষিত পৰিয়ালে কৰা ব্যৱহাৰ শনিবাৰে পোহৰলৈ আনে স্বেচ্ছাসেৱী সংগঠন যুৱ প্ৰয়াসে। মানসিক বিকাৰগ্ৰস্ততা যে সামাজিক ব্যাধি নহয়, ই কেৱল এক মনো-দৈহিক সমস্যাহে তাক প্ৰতিপন্ন কৰিবলৈ অসমৰ আগশাৰীৰ এই স্বেচ্ছাসেৱী সংগঠনটোৱে দীৰ্ঘদিন ধৰি প্ৰায় বন্দী জীৱন কটোৱা এগৰাকী লোকক উদ্ধাৰ কৰি তেজপুৰ মানসিক ৰোগ চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
জানিবলৈ পোৱা মতে, সোণাপুৰৰ অতি সম্ভ্ৰান্ত পৰিয়াল এটাৰ সদস্য অনুপ কুমাৰ বৰাক দীৰ্ঘদিন ধৰি নিচাযুক্ত দ্ৰব্যৰ প্ৰতি আসক্তিৰ অভিযোগত মানপাৰাৰ ড্ৰাগছ ড্ৰপ ফাউণ্ডেচনত ৰাখিছিল। কিন্তু বিভিন্ন উৎসৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত আচলতে অনুপ বৰা নিচাযুক্ত দ্ৰব্যৰ প্ৰতি আসক্তিৰ বাবে নহয়, মানসিক সমস্যাৰ বাবেহে কিছু অস্বাভাৱিক ব্যৱহাৰ কৰে বুলি নিশ্চিত হোৱাত শনিবাৰে পুৱা ৭ বজাত অনুপ বৰাক ড্ৰাগছ ড্ৰপ ফাউণ্ডেচনৰ পৰা উদ্ধাৰ কৰি তেজপুৰ মানসিক ৰোগ চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
উল্লেখ্য যে সোণাপুৰৰ ধৰ্মেশ্বৰ বৰাৰ পুত্ৰ ৩৩ বছৰীয়া অনুপ বৰাক যুৱ প্ৰয়াসৰ স্বেচ্ছাসেৱক অতুল মেধিৰ নেতৃত্বত চম্পক হালৈ, জোনালী দাস, জুৰি কলিতা আৰু অতুল দাসে উদ্ধাৰ কৰি উন্নত চিকিৎসাৰ বাবে তেজপুৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ ৰাষ্ট্ৰীয় মানসিক ৰোগ চিকিৎসালয়লৈ লৈ যায় ৷
- Log in to post comments
- 77 views