গোলাঘাটৰ প্ৰতিবেদক:
প্ৰতিষ্ঠাৰ ১৬ বৰ্ষ গৰকা গোলাঘাটৰ অন্যতম সত্ৰীয়া সংস্কৃতিৰ চৰ্চা কেন্দ্ৰ কেন্দ্ৰীয় সংগীত শিক্ষানুষ্ঠানে শুকুৰবাৰৰে পৰা গোলাঘাটৰ এমেচাৰ থিয়েটাৰ ছ'ছাইটিৰ প্ৰেক্ষাগৃহত দুদিনীয়া কাৰ্যসূচীৰে প্ৰতিষ্ঠা দিৱস পালন কৰে। সেই উপলক্ষে যোৱা ৬ অক্টোবৰত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।ইয়াৰ পিছত শুকুৰবাৰে পুৱা ১০ বজাত বন্তি প্ৰজ্বলন,মঞ্চ উদ্বোধন কৰাৰ পিছতেই ১১ বজাৰ পৰা প্ৰয়াত ৰামেশ্বৰ শইকীয়া বৰবায়নৰ সোঁৱৰণত ৰাজ্যিক পৰ্যায়ৰ সত্ৰীয়া নৃত্যৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।এই প্ৰতিযোগিতাত পুৰস্কাৰপ্ৰাপ্তসকলক 'চিএমএ এৱাৰ্ডছ ২০১৯' প্ৰদান কৰা হয়।সন্ধিয়া ৬ বজাত সাংস্কৃতিক অনুষ্ঠানৰ লগতে শিক্ষানুষ্ঠানখনে প্ৰতিটো বৰ্ষতে আগবঢ়াই অহা প্ৰয়াত ৰামেশ্বৰ শইকীয়া বৰবায়ন সোঁৱৰণী সন্মানীয় তিনিটাকৈ বঁটা প্ৰদান কৰে।'বৰবায়ন বঁটা-২০১৯' প্ৰদান কৰা হয় সত্ৰীয়া সংস্কৃতিৰ অক্লান্ত সাধক সদা হাজৰিকাক।একেদৰে,প্ৰথমবাৰৰ বাবে আন দুটা বঁটা ক্ৰমে,'সেউজ শিল্পী বঁটা- ২০১৯' প্ৰদান কৰা হয় চিত্ৰশিল্পী ৰাণা কলিতাক আৰু 'বিশিষ্ট সাংবাদিক আৰু সাহিত্য সংগঠক-২০১৯' বঁটা প্ৰদান কৰা হ'য় দৈনিক অগ্ৰদূত কাকতৰ জেষ্ঠ সাংবাদিক তথা অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক দিগন্ত কুমাৰ ভূঞাক। ইয়াৰ পিছতেই প্ৰতিযোগীসকলক বিশিষ্ট অতিথিৰ দ্বাৰা বটাঁ প্ৰদান কৰা হয়।শুকুৰবাৰে সভাত সাংস্কৃতিক সঞ্চালকালয় বিষয়া ৰবিজ্যোতি বৰুৱা,দণ্ডধৰ বৰুৱা ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষক আৰু কেন্দ্ৰীয় সংগীত শিক্ষানুষ্ঠানৰ সভাপতি প্ৰভাত চন্দ্ৰ শইকীয়া,সুলেখিকা জীনা বৰুৱা, সাংবাদিক আৰু ডেউকা নাট্য বিদ্যালয়ৰ সঞ্চালক মীনাক্ষী ফুকন,সাংবাদিক শান্তনু দত্ত আদি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।শিক্ষানুষ্ঠানখনৰ সম্পাদক তথা সত্ৰীয়া সংস্কৃতিৰ সাধক জিতেন কাকতিয়ে পৰিচালনা কৰা অনুষ্ঠানটো সুকলমে সম্পন্ন হয়।আনহাতে,শনিবাৰে সন্ধিয়া ৬ বজাত কেন্দ্ৰীয় সংগীত শিক্ষানুষ্ঠানৰ প্ৰশিক্ষাৰ্থীসকলে মহাপুৰুষীয়া সৃষ্টি 'পাৰ্থ পৰাজয়' ভাওনাখন মঞ্চস্থ কৰিব।
- Log in to post comments
- 11 views