বঙাইগাঁওঃ
জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ বিৰোধিতা কৰি শুকুৰবাৰে বঙাইগাঁও জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে বঙাইগাঁও চহৰত এক বাইক ৰেলী উলিয়ায় ৷ বঙাইগাঁও চহৰৰ বৰপাৰা ৰাজহুৱা খেল পথাৰৰ পৰা উলিওৱা এই বাইকৰেলীত অংশ গ্ৰহণ কৰাসকলে ইন ক্লাব জিন্দাবাদ ,নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিল হ'ব লাগিবই ,বিজেপি চৰকাৰ হায় হায় ,বিজেপি চৰকাৰ লেই লেই চেই চেই আদি শ্ল'গান দিয়ে ৷ বৰপাৰা ৰাজহুৱা খেল পথাৰৰ পৰা উলিওৱা বাইকৰেলী মাজগাঁওলৈ গৈ উভতি আহি চহৰৰ মাজেৰে উত্তৰ বঙাইগাঁও তথা চহৰৰখন পৰিভ্ৰমণ কৰি বৰপাৰা ৰাজহুৱা খেল পথাৰত সামৰণি মাৰে ৷ ইপিনে কাৰ্যসূচী সন্দৰ্ভত বঙাইগাঁও জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক নন্দন দেৱ নাথে সংবাদ মাধ্যমৰ আগত ক্ষোভ প্ৰকাশ কৰি কয় যে মাত্ৰ কেইমাহমানৰ পূৰ্বে সমগ্ৰ অসমীয়া জাতিয়ে ঐক্যবদ্ধ হৈ নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিবাদ কৰি বিধেয়কখন পৰাজিত কৰিছিলোহে মাথোন ৷ কিন্তু আৰ এছ এছ, বিজেপি নেতৃত্বাধীন চৰকাৰখনে জাতিধ্বংসী বিধেয়কখন সংসদৰ শীতকালিন অধিৱেশনত পুনৰ উত্থাপন কৰি গৃহীত কৰিব বুলি যি হুংকাৰ দিছে সেই হুংকাৰে অসমীয়া জাতিৰ ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক অধিকাৰক ধূলিসাৎ কৰিব ৷ এই আইনখন সম্পূৰ্ণ গণতন্ত্ৰ বিৰোধী ৷ কিন্তু বিজেপি চৰকাৰখনে গাৰ বল প্ৰয়োগ কৰি এই বিধেয়কখন আইনলৈ ৰূপান্তৰিত কৰিব ওলাইছে ৷ সমগ্ৰ অসমীয়া জাতিয়ে ১৯১২ চনৰ পৰা বিদেশীমুক্ত এখন অসমৰ কথা চিন্তা কৰি আহিছো ৷ সেইদৰে ১৯১২ চনৰ পৰাই বিদেশীৰ বিৰুদ্ধে যুঁজ কৰি আহিছো আৰু অসমীয়া জাতীয় জীৱনৰ বাবে এইখন আটাইতকৈ দীঘলীয়া আৰু বৃহৎ যুঁজ ৷ কিন্তু সেইখন যুঁজক নসাৎ কৰি তথা অসমীয়া ভাষা - সংস্কৃতিক ধ্বংস কৰি আৰ এছ এছ আৰু বিজেপিয়ে নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে লাখ লাখ হিন্দু বাংলাদেশীক ভাৰতলৈ আনিব বিচাৰিছে ৷ যদিহে লাখ লাখ হিন্দু বাংলাদেশী ভাৰতলৈ আহে, তেতিয়াহলে ভাৰতৰ মাটিকে ধৰি যিমান বিলাক ব্যৱসায় বাণিজ্য আছে, যিমান বিলাক খুচুৰা ব্যৱসায় আছে, যিমান বিলাক হাজিৰা - মজুৰি কৰি খোৱা লোক আছে সেই ব্যৱসায় - বাণিজ্য আৰু লোকৰ ওপৰত প্ৰভাৱ পৰিব ৷ গতিকে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কোনো এনেকুৱা জাতিধ্বংসী আইন তথা সংবিধান বিৰোধী আইন কোনো কাৰণতে গৃহীত কৰিবলৈ নিদিও ৷ এই বিধেয়কখনৰ বিৰুদ্ধে সমগ্ৰ অসমীয়া জাতিয়ে ঐক্যবদ্ধভাৱে বিৰোধিতা কৰিম আৰু আজিৰে পৰা এই বিৰোধিতাৰ ধাৰা আৰম্ভ হ'ল ৷ কাৰ্যসূচীত জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি মহীধৰ ৰায়ৰ লগতে অন্যান্য বিষয়ববীয়া আৰু সদস্যসকলে অংশ গ্ৰহণ কৰে ৷
- Log in to post comments
- 10 views