শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই :
শিৱসাগৰ জিলা উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াই শুকুৰবাৰে উপায়ুক্ত কাৰ্য্যালয়ৰ চুকাফা সভাকক্ষত অনুষ্ঠিত জিলা উন্নয়ন সমিতিৰ বৈঠকত বিভিন্ন চৰকাৰী বিভাগৰ জৰিয়তে ৰূপায়ণ হৈ থকা আঁচনি, প্ৰকল্প আৰু কামকাজৰ অগ্ৰগতিৰ বিষয়ে বিস্তৃতভাৱে পৰ্য্যালোচনা কৰে।
সভাত বিভাগীয় বিষয়-ববীয়াসকলে পাৱাৰ পইণ্ট প্ৰেজেণ্টেচনৰ জৰিয়তে উপায়ুক্তৰ সম্মুখত বিভাগীয় কাম-কাজ, আঁচনি আৰু প্রকল্প সমূহৰ বিষয়ে খতিয়ান দাঙি ধৰে। পৰ্য্যালোচনা কালত উপায়ুক্ত গৰাকীয়ে এই সমূহৰ ৰূপায়ণৰ গতি ত্বৰান্বিত কৰাৰ লগতে কামসমূহৰ গুণগত মানদণ্ড উন্নত কৰাত গুৰুত্ব আৰোপ কৰে।
থলুৱা শিপিনী সকলৰ দ্বাৰা উৎপাদিত গামোচাৰ বিক্রী বৃদ্ধিৰ বাবে যন্ত্ৰ উৎপাদিত তথা আমদানিকৃত গামোচাৰ বিৰুদ্ধে জিলাখনৰ বিভিন্ন দোকান তথা বিপনী সমূহত তীব্র অভিযান চলোৱা হ'ব বুলি উপায়ুক্ত গৰাকীয়ে সদৰি কৰে। এই সন্দৰ্ভত এক সমিতি গঠনৰ বাবেও নিৰ্দেশ প্ৰদান কৰে।
- Log in to post comments
- 4 views