বঙাইগাঁওঃ
অশোক কাগজ কলৰ ভূমি অতিশীঘ্ৰে বেদখল মুক্ত কৰা আৰু অশোক কাগজ কল চৌহদৰ কাম পূৰ্ণ গতিত সমাপ্ত কৰাৰ দাবীত বৃহস্পতিবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যোগীঘোপা আঞ্চলিক সমিতিয়ে তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷ অশোক কাগজ কলৰ সন্মুখত ৰূপায়ণ কৰা অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ অন্তত যোগীঘোপা আঞ্চলিক সমিতিয়ে ধৰ্মঘটস্থলীত উপস্থিত হোৱা বইটামাৰী ৰাজহ চক্ৰ বিষয়া তথা কাৰ্যবাহী দণ্ডাধীশৰ হাতত জিলা উপায়ুক্তলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে ৷ স্মাৰক পত্ৰখনত আঞ্চলিক সমিতিখনে উল্লেখ কৰা মতে নামনি অসমৰ বৃহত্তম উদ্যোগ যোগীঘোপাৰ অশোক কাগজ কল বন্ধ হৈ থকাৰ পৰাই পৰিষদৰ যোগীঘোপা আঞ্চলিক সমিতিয়ে কলটো পুনৰ মুকলি কৰা আৰু কলটোৰ নামত থকা ভূমি বেদখল মুক্ত কৰাৰ দাবীত বিভিন্ন আন্দোলনৰ কাৰ্যসূচী হাতত লৈছে ৷ কিন্তু পৰিতাপৰ বিষয় যে আজিলৈকে কোনো এখন চৰকাৰে অশোক কাগজ কলৰ নামত থকা ২,২৫০ বিঘা মাটি সম্পূৰ্ণ ভাৱে বেদখল মুক্ত কৰাত ব্যৰ্থ হৈছে ৷ যাৰ ফলত কিছু সন্দেহজনক নাগৰিকে চৰকাৰৰ এই ব্যৰ্থতাৰ সুযোগ লৈ অশোক কাগজ কলৰ ভূমি বেদখল কৰাৰ সুযোগ লৈছে ৷
ইয়াৰ ফলত অশোক কাগজ কলৰ চাৰিসীমাৰ পকীবেৰ নিৰ্মাণত যথেষ্ট ব্যাঘাত জন্মিছে ৷ সেয়ে অশোক কাগজ কলৰ নামত থকা ২,২৫০ বিঘা ভূমি বেদখলমুক্ত কৰাৰ লগতে অশোক কাগজ কলৰ চৌহদত চলি থকা কাম পূৰ্ণ গতিত সমাপ্ত কৰাৰ দাবী জনায় পৰিষদৰ আঞ্চলিক সমিতিখনে ৷ অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যোগীঘোপা আঞ্চলিক সমিতিৰ সভাপতি আব্দুল ফাৰুক, সাধাৰণ সম্পাদক আজিবুল হকৰ লগতে বঙাইগাঁও জিলা সমিতিৰ সভাপতি মনোৰঞ্জন ভাগৱতী, সাধাৰণ সম্পাদক ৰূপক ৰায়, যুটীয়া সম্পাদক দেৱজিত ৰায় তথা আঞ্চলিক সমিতিৰ অন্যান্য বিষয়ববীয়া আৰু সদস্যসকলেও অংশ গ্ৰহণ কৰে ৷
- Log in to post comments
- 8 views