সোণাৰিত অবৈধ সুৰা জব্দ

sonari

সোণাৰিৰ পৰা ঘন বৰাৰ প্রতিবেদন :

সমগ্ৰ চৰাইদেউ জিলাতে নিৰ্বাচনী আচৰণবিধি বলবৎ হৈ থকাৰ সময়তে নিৰ্বাচনী দায়িত্ব পালন কৰা জিলাখনৰ এচ. এচ. টিৰ. এটা দলে নিয়মিত তালাচীৰ সময়ত যোৱা ৯ অক্টোবৰ তাৰিখে নিশা ৮ বজাত ভজো সোণাৰি পথৰ বগৰীগুৰি তিনিআলিত দহ লিটাৰ অবৈধ ভাৱে সৰবৰাহ কৰা বিলাতী মদ জব্দ কৰে। উল্লেখযোগ্য যে, সোণাৰি আৰক্ষী থানাৰ অন্তৰ্গত এচ. এচ. টিৰ. বিষয়াসকলে চলোৱা উক্ত তালাচীৰ সময়ত চৰাইদেউ নিৰ্বাচনী জিলাৰ ব্যয় পৰ্যবেক্ষক টি পি চেলিম কুমাৰৰ লগতে এচ এচ টিৰ বিষয়া বাবুল বৈশ্য আৰু আৰক্ষী বিষয়া সুমন চাহাও উক্ত স্থানত উপস্থিত আছিল।জানিব পৰা মতে নিৰ্বাচন আয়োগৰ বিধি অনুসৰিয়েই উক্ত অবৈধ সুৰাৰ সৰবৰাহ কৰা ঘটনাটোৰ আইনগত ব্যৱস্থা হাতত লোৱা হৈছে।

Your Comments