ধৰ্ম আমাৰ দৈনন্দিন ৰীতিনীতিৰ মাজত সংযুক্ত হৈ আছে -গুৰুজনাৰ  জন্মমহোৎসৱত দীনমণি ভাণ্ডাৰ কায়স্থ

baharghat

নৰেন শৰ্মা,বাহাৰঘাট :

ধৰ্ম আমাৰ দৈনন্দিন জনজীৱনৰ ৰীতি-নীতিৰ লগত সংযুক্ত হৈ আছে৷প্ৰতিটো ধৰ্মৰে নিজস্ব বৈশিষ্ট্য আছে কিন্তু প্ৰত্যেকৰে উদ্দেশ্য এটাই,সেয়া হৈছে ঈশ্বৰৰ সানিধ্য প্ৰাপ্তি৷এই বক্তব্য এমট্ৰনৰ প্ৰৱন্ধক দীনমণি ভাণ্ডাৰ কায়স্থৰ৷ বুধবাৰে আবেলি হাজো সমষ্টিৰ দৈচপৰা প্ৰাথমিক বিদ্যালয় প্ৰাংগনত পঃবঃদৈচপৰা শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ সৌজন্যত তিনিদিনীয়াকৈ অনুস্থিত কৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭১তম জন্মমহোৎসৱৰ লগত সংগতি ৰাখি আয়োজিত ধৰ্মালোচনী সভা আৰু বটাবিতৰণী অনুস্থানত সমল ব্যক্তি হিচাবে উপস্থিত থাকি তেও এইদৰে কয়৷তেওঁ পুনৰ কয় যে মানুহৰ জন্ম পদ্ধতিটো হৈছে ক্ৰমবৰ্ধমান৷এই পৃথিৱীত সাত হেজাৰ কোটি মানুহ আছে৷এইসকল মানুহ একেদিনাই জন্ম হোৱা নাই৷এজন দুজনকৈ বৃদ্ধি হৈ আজিৰ পৰ্যায় পাইছে৷বিশিষ্ট সমাজসেৱক শৰৎ কলিতাৰ সঞ্চালনাত অনুস্থিত সভাত পঃবঃদৈচপৰা শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ প্ৰতিষ্ঠা কালৰ সভাপতি যোগেশ কলিতাই শ্ৰীমদ্ভাগৱত গীতাৰ তত্ত্বসাৰ উল্লেখ কৰি একশৰণ ভাগৱতী নামধৰ্মৰ তাৎপৰ্য ব্যখ্যা কৰে৷ উক্ত সভাতে বিভিন্ন প্ৰতিযোগিতাৰ বিজয়ী সকলক বটা বিতৰণ কৰাৰ লগতে কৃতি ছাত্ৰছাত্ৰী কেইজনমানকো সম্বৰ্দ্ধনা জনায়৷আনহাতে সভাত পঃবঃআঞ্চলিক জুনিয়ৰ কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ৰামদত্ত লহকৰ,কামৰূপ জিলা সাহিত্য সভাৰ উপসভাপতি শিশুৰাম শইকীয়া,পঃবঃশাখা সাহিত্য সভাৰ উপসভাপতি ভবেশ বৈশ্য আদিয়েও অংশগ্ৰহণ কৰে৷

baharghatইয়াৰ পিচতে আছুৰ তথ্য আৰু কাৰ্য্যালয় সম্পাদক ধৰ্মেশ্বৰ দাস,সাংবাদিক নৰেন শৰ্মা আৰু ৰঙিয়া মহকুমা আছুৰ সম্পাদক ভৱজ্যোতি ডেকাই বিশ্বশান্তিৰ বাবে বন্তি প্ৰজ্বালন কৰাৰ পিচতে নিশা আকৰ্ষনীয় সাংস্কৃতিক সন্ধিয়া অনুস্থিত হয়৷ইয়াৰ আগতে পূৱাৰ ভাগত শৰাই স্থাপন, ভাগৱত পাঠ,আয়তি নাম,আবেলি মণিকাঞ্চন থিয় নামদলে নাম প্ৰদৰ্শন কৰে৷ পহিলা দিনা শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ পতাকা আৰু ধৰ্মধ্বজা উত্তোলনৰে  আৰম্ভ কৰা মহোৎসৱৰ দ্বিতীয় দিনা পূৱাই এটি আকৰ্ষনীয় ভাগৱত শোভাযাত্ৰাৰে অঞ্চলবাসী ৰাইজক মোহিত কৰে৷উক্ত শোভাযাত্ৰা উদ্বোধন কৰে বিজেপিৰ ৰাজ্যিক সমিতিৰ মেডিয়াচেলৰ সহ-আহ্বায়ক নিবাৰণ লহকৰে৷উক্ত দিনায়ো ছাত্ৰছাত্ৰীৰ মাজত বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰে৷

Your Comments