নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা :
আজি ২অক্টোবৰৰ পৰা বিস্তৃত কাৰ্যসূচীৰে জাতিৰ পিতা মহাত্মা গান্ধীৰ ডেৰশ বছৰীয়া জন্ম জয়ন্তীৰ শুভাৰম্ভ হ'ব। ভাৰতবৰ্ষৰ উপৰি ইংলেণ্ড, অষ্ট্ৰেলিয়া, নেডাৰলেণ্ড, আফ্ৰিকা আদি দেশতো বিশ্বৰ জনগণে মানৱ-সভ্যতাৰ মহানায়কজনলৈ শ্ৰদ্ধা নিৱেদন কৰাৰ উদ্দেশ্যে অনুষ্ঠানৰ আয়োজন কৰিছে। বাপুজীৰ জীৱনাদৰ্শৰ বিষয়ে চিন্তা-চৰ্চা, প্ৰচাৰ-প্ৰসাৰৰ বাবে চৰকাৰীভাৱে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰাৰ সময়তে অসম ভূমিৰ পৰা মহত্মালৈ ব্যতিক্ৰমী শ্ৰদ্ধা আগবঢ়ায় এজন নগঞাঁ শিল্পীয়ে । তেওঁ হৈছে বেবেজীয়াৰ সমীপৰ ব্ৰাহ্মণগাঁৱৰ ৰঞ্জন বেজবৰুৱা। ইতিমধ্যে গান্ধীজীৰ আদৰ্শ আৰু সত্তাক প্ৰতিফলিত কৰা তেখেতৰ অতি প্ৰিয়, বৈষ্ণৱ কবি নৰসিংহ ৰচিত গুজৰাটী ভজন 'বৈষ্ণৱ জন তো' সংস্কৃত ৰূপত বাণীবদ্ধ কৰি ৰঞ্জন বেজবৰুৱাই প্ৰেৰণ কৰিছে দিল্লী দূৰদৰ্শন কেন্দ্ৰ, জি-নিউজ, আকাশবাণী দিল্লী, ৰাঁচী আৰু গুৱাহাটী কেন্দ্ৰলৈ । বেনাৰসৰ উদীয়মান প্ৰতিভা আলোক কুমাৰৰ অনুবাদ, জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ অধ্যাপক নাৰায়ণ দত্ত মিশ্ৰৰ অনুবাদ- সম্পাদনা তথা বাঁহীবাদক প্ৰাঞ্জল বৰাৰ সংগীতেৰে সমৃদ্ধ 'বৈষ্ণৱজনাস্তু তে নু কথ্যা ৰে' শীৰ্ষক সংস্কৃত অনূদিত ভজনটি ভিন্ন পৰিৱেশত ৰাষ্ট্ৰীয় প্ৰচাৰ মাধ্যমত সম্প্ৰচাৰিত হ'ব। তাৰ ভিতৰত আজি আকাশবাণী ৰাঁচীয়ে পুৱা সাত বজাত আৰু ডিডি নিউজে পাঁচ অক্টোবৰৰ সন্ধ্যা সাত বজাত, জি-নিউজে দিনটোৰ বিভিন্ন সময়ত গীতটি প্ৰচাৰ কৰি থকা বুলি জানিব পৰা গৈছে। শিল্পী ৰঞ্জন বেজবৰুৱাই গান্ধীজীক এইবাবেও শ্ৰদ্ধা জনাই যে অসমৰ সৌভাগ্য আৰু সমৃদ্ধিৰ সৈতেও বাপুজী আছিল বিশেষভাৱে সম্পৰ্কিত। বাপুজীৰ খোজৰ ছবি অসমৰো ইতিহাসৰ পৃষ্ঠাত। উল্লেখযোগ্য যে অৱসৰপ্ৰাপ্ত অধ্যক্ষ প্ৰয়াত ৰোহিত চন্দ্ৰ বেজবৰুৱা আৰু সুভদ্ৰা বেজবৰুৱাৰ পুত্ৰ ৰঞ্জন বেজবৰুৱাই দীৰ্ঘদিন ধৰি অসমীয়া তথা ভাৰতীয় সুগম সংগীতক সংস্কৃতৰ মাধ্যমেৰে নতুন ৰূপ দি জনপ্ৰিয় কৰাৰ ক্ষেত্ৰত অহৰহ প্ৰচেষ্টা কৰি আহিছে, যাৰ দ্বাৰা দেশীয় ভাষা আৰু কৃষ্টি উভয়েই সমৃদ্ধ হৈছে। ৰাষ্ট্ৰীয় চেনেল 'ডি ডি নিউজ' যোগে প্ৰচাৰিত ৰঞ্জন বেজবৰুৱাৰ কণ্ঠৰ দেশপ্ৰেমমূলক গীত ইকবালৰ 'চাৰে জাঁহা চে অচ্ছা', কবি ৰবীন্দ্ৰনাথৰ 'একলা চলো ৰে', এ আৰ ৰহমানৰ 'ভাৰত হমকো', কিম্বা ডঃ ভূপেন হাজৰিকাৰ 'গংগা'ৰ সংস্কৃত ৰূপান্তৰকেইটি আজি দেশৰ অন্যতম জনপ্ৰিয় সংস্কৃত গীতৰূপে পৰিগণিত। ভাৰতৰ প্ৰায় খিনি প্ৰসিদ্ধ কণ্ঠশিল্পীয়ে গীতটোৰ মূল গুজৰাটী ৰূপটো বিভিন্নভাৱে গাইছে। বিগত বৰ্ষত বহু বিদেশী শিল্পীয়েও পৰিৱেশন কৰিছে গীতটি। উল্লেখযোগ্য যে ভাৰতৰত্ন তথা সুধাকন্ঠ ডঃ ভূপেন হাজৰিকাৰ জীৱনৰ শেষ বাণীবন্ধন কৰা গীতটোও আছিল মূল ৰূপত ''বৈষ্ণৱ জন তো''। সম্প্ৰতি প্ৰস্তুত কৰা সংস্কৃত ৰূপৰ 'বৈষ্ণৱজন' গীতটিয়েও দেশে-বিদেশে বিশেষ সমাদৰ পাব বুলি আশা কৰা হৈছে।
- Log in to post comments
- 25 views