বজালীৰ পৰা বুবু কলিতাৰ প্রতিবেদন :
মূকাভিনয়ো যে এক অপূৰ্ব কলা আৰু এই কলাৰ জৰিয়তে যে মনোৰম তৃপ্তি লাভ কৰিব পাৰি সেয়া মঙলবাৰে পাঠশালাত অনুষ্ঠিত এক মূকাভিনয় অনুষ্ঠান প্ৰত্যক্ষ কৰি ভালদৰে উপলব্ধি কৰিলে পাঠশালাবাসীয়ে। পাঠশালাৰ স্হানীয় আজাদ ভৱন প্ৰাংগনত সোমবাৰে অনুষ্ঠিত হৈ যায় এই মূকাভিনয় মহোৎসৱ। পাঠশালা প্ৰগতি সংঘ আৰু অসম মাইম এণ্ড স্কিট থিয়েটাৰৰ উদ্যোগত অনুষ্ঠিত হোৱা উক্ত অনুষ্ঠানত সংগীত নাটক একাডেমীৰ বিছমিল্লাহ খান যুব বঁটা লাভ কৰা পাঠশালাৰ সন্তান কুলদীপ পাটগিৰিক বিপুল সম্বৰ্ধনা জ্ঞাপন কৰা হয়।একেখন মঞ্চতে ২০১৮ বৰ্ষত সংগীত নাটক একাডেমী বঁটা লাভ কৰা পাঠশালাৰ গৌৰৱ নৃত্য ৰত্ন ৰামকৃষ্ণ তালুকদাৰকো বিপুল সম্বৰ্ধনা জ্ঞাপন কৰা হয়। উক্ত অনুষ্ঠানত অসমৰ মূকাভিনয়ৰ মূল সাধক মইনুল হক নিজেও উপস্থিত থাকি দৰ্শকৰ আগত মূকাভিনয় প্ৰদৰ্শন কৰি সকলোকে আপ্লুত কৰে l মঞ্চত মইনুল হককো পাঠশালাবাসীয়ে সম্বৰ্ধনা জ্ঞাপন কৰে ।সম্বৰ্ধনা গ্ৰহণ কৰি হকে কয় যে মূকাভিনয়ৰ দৰে শিল্পৰ প্ৰচাৰ আৰু প্ৰসাৰৰ দায়িত্ব তেওঁ এতিয়া যুৱ প্ৰজন্মৰ হাতত অৰ্পন কৰিছে l
আনহাতে পাঠশালাবাসীয়েও এনে মনোৰম অনুষ্ঠান প্ৰত্যক্ষ কৰি আপ্লুত হোৱাৰ উপৰি কুলদীপ পাটগিৰিৰ কৃতিত্বৰ বাবে তেওঁক অভিনন্দন জ্ঞাপন কৰে ।উক্ত অনুষ্ঠানত ডাঃ দিগন্ত চৌধুৰী, ধ্ৰুবজ্যোতি তালুকদাৰ, শৈলেন কাকতিকে আদি কৰি কেইবাগৰাকী বিশিষ্ট শিল্পীয়ে কালি মূকাভিনয় প্ৰদৰ্শন কৰে l উক্ত অনুষ্ঠানটোৰ আঁত ধৰে ভট্টদেৱ বিশ্ববিদ্যালয়ৰ প্ৰবক্তা পৰাগ বৰ্মনে।
- Log in to post comments
- 3 views