ধিং মহাবিদ্যালয়ত 'মানৱ অধিকাৰ শিক্ষা' সন্দৰ্ভত আলোচনাচক্ৰ

Majuli

নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা :

বিশ্ববিদ্যালয় অনুদান আয়োগৰ অধীনত ধিং মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ প্ৰচলিত পাঠ্যক্ৰমৰ আধাৰত মানৱ অধিকাৰ শিক্ষাৰ ওপৰত সোমবাৰে এক আলোচনা চক্ৰ অনুষ্ঠিত হয়।ধিং মহাবিদ্যালয়ৰ সভাকক্ষত পুৱা ১১-৩০ বজাত অনুষ্ঠিত হোৱা উক্ত আলোচনা চক্ৰ সঞ্চালনা কৰে মহাবিদ্যালয় অধ্যক্ষ ড° শৰৎ কুমাৰ দত্তই। মহাবিদ্যালয় খনৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক মফিদুল ইছলামে আঁত ধৰা উক্ত আলোচনা চক্ৰত মানৱ অধিকাৰ শিক্ষাৰ সকলো দিশৰ ওপৰত মহাবিদ্যালয় সমূহত প্ৰচলিত পাঠ্যক্ৰমৰ আধাৰত এক সম্প্ৰসাৰণ বক্তৃতা প্ৰদান কৰে নগাঁও বাৰ এচ'চিয়েছনৰ সভাপতি তথা জ্যেষ্ঠ অধিবক্তা আবুল হাছিম খণ্ডকাৰে। উক্ত আলোচনা চক্ৰত আন দুগৰাকী অধিবক্তাকে ধৰি মহাবিদ্যালয়খনৰ অধ্যাপক-অধ্যাপিকা সকলৰ লগতে ৰাজনীতি বিজ্ঞান বিভাগৰ শতাধিক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে।             

Your Comments