'নিউজ এএছএন' প্ৰতিবেদক,মাজুলী:
মাজুলী জিলাৰ উপায়ুক্ত দেৱপ্ৰসাদ মিশ্ৰক মঙলবাৰে আনুষ্ঠানিকভাৱে বিদায় সম্ভাষণ জনায় মাজুলী জিলা প্ৰশাসন আৰু বিভাগীয় মুৰব্বীসকলে। ৰাজ্য চৰকাৰে শেহতীয়াকৈ খাদ্য, অসামৰিক যোগান আৰু উপভোক্তা পৰিক্ৰমা বিভাগৰ সঞ্চালক হিচাপে নিযুক্তি দিয়া উপায়ুক্ত মিশ্ৰক মঙলবাৰে সন্ধিয়া গড়মূৰস্থিত উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন গাম্ভীৰ্যপূৰ্ণ সভাত উপায়ুক্ত কাৰ্যালয়ৰ লগতে জিলাখনৰ চৰকাৰী বিভাগসমূহৰ ফালৰ পৰা গামোচা, চেলেং চাদৰ, শৰাই আৰু বিভিন্ন উপহাৰেৰে বিদায় সম্বৰ্ধনা জ্ঞাপন কৰে। মাজুলী জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া নৰনাৰায়ণ নাথ, জিলাখনৰ তিনিওগৰাকী অতিৰিক্ত উপায়ুক্ত নৰেণ দাস, চিন্ময় নাথ, উৎপল দলেৰ লগতে জিলা প্ৰশাসনৰ কেউগৰাকী কাৰ্যবাহী দণ্ডাধীশ, জিলাখনৰ প্ৰতিটো বিভাগৰ মুৰব্বী বিষয়াবৰ্গ, উপায়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰীসকল আৰু ৰেডক্ৰছ, ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ জিলা সমিতিৰ বিষয়ববীয়া তথা ভালেকেইগৰাকী স্থানীয় বিশিষ্ট ব্যক্তিয়ে এই বিদায় সম্বৰ্ধনা অনুষ্ঠানত অংশগ্ৰহণ কৰি বিগত ১৯ মাহত মাজুলীৰ উপায়ুক্ত হিচাপে মিশ্ৰই জিলাখনৰ উন্নয়নমূলক কামকাজৰ ক্ষেত্ৰত দিয়া বলিষ্ঠ নেতৃত্বক স্মৰণ কৰে। এক আৱেগিক পৰিৱেশে বিৰাজ কৰা অনুষ্ঠানত বিদায়ী উপায়ুক্তগৰাকীয়ে কয়- 'অসমৰ সংস্কৃতিৰ বৰঘৰ, আধ্যাত্মিক বাতাৱৰণেৰে বিধৌত আৰু প্ৰকৃতিৰ অনুপম উপাদানেৰে পৰিপূৰ্ণ নদীদ্বীপ জিলাখনৰ উন্নয়ন আৰু জিলাবাসীৰ কল্যাণৰ বাবে নিজকে সংকল্পবদ্ধ কৰি ২০১৮ চনৰ ২ মাৰ্চত মাজুলীলৈ আহি উপায়ুক্ত হিচাপে দায়িত্ব লৈছিলো আৰু বিগত প্ৰায় ১৯ টা মাহত সেই সংকল্পৰ প্ৰতি নিজকে সকলো সময়তে সমৰ্পিত কৰিছিলো।এইক্ষেত্ৰত মই কোনোদিনেই চেষ্টাৰ অলপো ত্ৰুটি কৰা নাছিলো।' বিগত এটা বছৰত মাজুলী জিলাখনত উন্নয়নমূলক কামকাজৰ ক্ষেত্ৰত এক নতুন উদ্যম অহা বুলি উল্লেখ কৰি বিদায়ী উপায়ুক্তগৰাকীয়ে কয় যে জিলাখনত এতিয়া চৰকাৰী বিভাগসমূহত পুঁজিৰ আৱণ্টন বৃদ্ধি পোৱাৰ লগতে নতুন আৰু উৎকৃষ্ট মানৱ সম্পদৰ আগমন ঘটাটো মাজুলীবাসীৰ বাবে এক আশাৰ বতৰা। তেওঁ কয়-'মাজুলী আজি পুঁজি বিনিয়োগৰ নতুন কেন্দ্ৰস্থান হিচাপে পৰিগণিত হৈছে। ব্যাপক পৰিমাণে চৰকাৰী পুঁজিৰ লগতে বেচৰকাৰী পুঁজিৰো নিতৌ জিলাখনলৈ আগমন হৈছে, ন-ন বিনিয়োগৰ পথ মুকলি হৈছে।' বিদায়ী উপায়ুক্ত মিশ্ৰই মাজুলীৰে তেওঁৰ আত্মিক সম্পৰ্ক ভৱিষ্যতেও সম্পূৰ্ণ অটুট থাকিব বুলি অংগীকাৰ কৰি কয় যে গুৱাহাটীৰ নতুন কৰ্মক্ষেত্ৰত যোগদানৰ পিছতো তেওঁ সদায় মাজুলীৰ সুনাম বৃদ্ধিৰ দিশত নিজৰ অৰিহণা আগবঢ়াই যাবলৈ চেষ্টা অব্যাহত ৰাখিব। উল্লেখ্য যে, ৰাজ্য চৰকাৰে বিদায়ী উপায়ুক্ত মিশ্ৰৰ স্থলাভিষিক্ত কৰি আইএএছ বিষয়া বিক্ৰম কৈৰীক মাজুলীৰ নতুন উপায়ুক্ত হিচাপে নিযুক্তি দিছে।অহা ৩ অক্টোবৰত নতুন উপায়ুক্ত কৈৰীয়ে বিদায়ী উপায়ুক্ত মিশ্ৰৰ পৰা আনুষ্ঠানিকভাৱে কাৰ্যভাৰ গ্ৰহণ কৰিব।
- Log in to post comments
- 102 views