বঙাইগাঁৱত 'ৰত্নাকৰ'ৰ প্ৰচাৰ চলালে যতীন-নিশিতাই 

Jatin

বঙাইগাঁৱৰ প্ৰতিবেদক:

অহা ১১ অক্টোৱৰত মুক্তি পাবলগীয়া অসমীয়া কথাছবি 'ৰত্নাকৰ'ৰ প্ৰচাৰৰ বাবে মঙল বাৰে ছবিখনৰ দলটো বঙাইগাঁৱত উপস্থিত হৈ ছবিখনৰ প্ৰচাৰ চলায় ৷ পুৱা বঙাইগাঁও জিলা আৰক্ষী বাহিনীৰ উদ্যোগত আৰক্ষী চাউনীত অনুষ্ঠিত অসম আৰক্ষী দিৱসৰ কাৰ্যসূচীত টীম ৰত্নাকৰে মুক্তি পাবলগীয়া ছবিখনৰ হৈ প্ৰথমবাৰৰ বাবে আৰক্ষীৰ মাজত প্ৰচাৰ অভিযান চলাই আৰক্ষীৰ লোকসকলৰ পৰা ব্যাপক সঁহাৰি লাভ কৰিবলৈ সক্ষম হয় ৷টীম ৰত্নাকৰৰ মাহজোৰা প্ৰচাৰৰ অন্তিম দিনা বঙাইগাঁৱত উপস্থিত হৈ ৰাইজৰ পৰা মুক্তি পাবলগীয়া ছবিখনৰ বাবে সঁহাৰি কামনা কৰে অভিনেতা যতীন বৰাই ৷ বঙাইগাঁও আৰক্ষী চাউনীত পুৱাৰ ভাগত উপস্থিত হৈ বিশিষ্ট অভিনেতা তথা ছবিখনৰ পৰিচালক যতীন বৰাই বোলছবিখনৰ  ঠাই ছবিখনক ৰাইজে আদৰি ল'ব পৰাকৈ শ্বুটিঙৰ ঠাই আৰু বিষয়বস্তু সন্নিৱিষ্ট থকাৰ কথা ব্যক্ত কৰে। একেদৰে বোলছবিখনৰ অভিনেত্ৰী নিশিতা গোস্বামীয়ে বঙাইগাঁৱলৈ আহি অভিভূত হোৱা বুলি উল্লেখ কৰি নতুন কথাছবিখনক ৰাইজে আদৰি ল'ব বুলি আশা প্ৰকাশ কৰে৷টীম ৰত্নাকৰৰ আন এগৰাকী প্ৰয়োজক নৱনীতা শৰ্মা বৰাসহ কেইবাজনো শিল্পী, কলা-কুশলীয়ে প্ৰচাৰৰ অনুষ্ঠানটোত অংশ লয় ৷

Ratnakar

ইয়াৰ পিছতে ৰত্নাকৰৰ টীমটো ধুবুৰী জিলাৰ চাপৰত আৰু তাৰ পিছত পুনৰাই বঙাইগাঁও চহৰত উপস্থিত হৈ আবেলিৰ ভাগত বীৰঝৰা কন্যা মহাবিদ্যালয়ত  কথাছবিৰখনৰ হৈ  প্ৰচাৰ চলায় ৷কন্যা মহাবিদ্যালয়খনত যথেষ্টসংখ্যক ছাত্ৰী আৰু স্থানীয় ৰাইজে টীম ৰত্নাকৰলৈ সঁহাৰি জনায় ৷

 

Your Comments