বৰপেটাৰোড সাহিত্য সভাত গান্ধী জয়ন্তী পালন

Pic

বৰপেটাৰোডৰ পৰা ৰঞ্জিত তালুকদাৰ:

জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্মদিন আজি বৰপেটাৰোড সাহিত্য সভাত পালন কৰা হয়।এই উপলক্ষে অনুষ্ঠিত এটা অনুষ্টুপীয়া অনুষ্ঠানত উপস্থিত থাকি অসম চৰকাৰৰ প্ৰাক্তন আয়ুক্ত তথা বৰপেটা জিলাৰ প্ৰাক্তন উপায়ুক্ত, অনুভৱী লেখক থানেশ্বৰ মালাকাৰে মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি নিবেদন কৰে।তেওঁ চমু বক্তব্যত কয়-'গান্ধীজী পৃথিৱীৰ বৃহত্তম স্বাধীনতা আন্দোলনৰ নেতা হোৱাৰ পিছতো দেশৰ সৰু-বৰ সকলোৰে কথা চিন্তা কৰিছিল।তেওঁ সেই সময়তে স্বচ্ছতাৰ কথা চিন্তা কৰিছিল,যি কথা আজি দেশৰ জনগণে মৰ্মে মৰ্মে উপলদ্ধি কৰিছে৷গান্ধীজীয়ে যি স্বচ্ছ ভাৰতৰ সপোন দেখিছিল,তাক সফল কৰাৰ বাবে আজি তেওঁৰ জন্মজয়ন্তীৰ দিনা সকলোকে সংকল্প ল'বলৈ মালাকৰে আহ্বান জনায়।বৰপেটাৰোড সাহিত্য সভাৰ সম্পাদক কুলেন চৌধুৰীয়ে আঁত ধৰা অনুষ্ঠানটোত প্ৰাক্তন অধ্যক্ষ নবীন কলিতা,বৰপেটাৰোড সাহিত্য সভাৰ সভাপতি হিতেশ দাস,কোষাধ্যক্ষ ৰণজিৎ তালুকদাৰ প্ৰমুখ্যে আন সদস্যসকল উপস্থিত থাকে।

Your Comments