হোজাইৰ পৰা মনোজ কুমাৰ পাঠকৰ প্রতিবেদন :
হোজাইত পুনৰ সোপাধৰা সন্দৰ্ভত এটা চক্ৰই চচিয়েল মিডিয়াত আৰম্ভ কৰিছে অপপ্ৰচাৰ।এটি কণমানি শিশুক বিচনাৰ পৰা সোপাধৰাই উঠাই নিবলৈ চেষ্টা চলোৱা এটি ভিডিও চচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতেই জিলা আৰক্ষী অধীক্ষকে নিজেই ঘটনাৰ তদন্ত কৰি পষ্টতো ভাইৰেল কৰা এটা দুস্কৃতিকাৰীক নিশাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।।উপ আৰক্ষী অধীক্ষক দীপ্তি মালিৰ নেতৃত্বত যোৱা আৰক্ষীয়ে জয়নগৰ অঞ্চলৰ পৰা চামছুল হক নামৰ এই দুস্কৃতি কাৰীটোক গ্ৰেপ্তাৰ কৰে ।।সম্প্ৰতি হোজাই থানাত ৰাখি ধৃত ছামছুলক আৰক্ষীয়ে অব্যাহত ৰাখিছে জেৰা।ইপিনে ধৃত ছামছুলে কেমেৰাৰ সম্মুখত সোপাধৰাৰ উৰা বাতৰি চচিয়েল মিডিয়াত অপপ্ৰচাৰ কৰা বুলি স্বীকাৰ কৰাৰ লগতে এনেদৰে অপপ্ৰচাৰ কৰাটো ভুল হৈছে বুলিও ভাষ্য প্ৰদান কৰে।আৰক্ষীয়ে সমগ্ৰ ঘটনাটোৰ তদন্ত অব্যাহত ৰখাৰ লগতে সোপাধৰা সম্পৰ্কত উৰা বাতৰি বিয়পোৱা বাকী সকলৰ বিৰুদ্ধেও আৰক্ষীয়ে ব্যৱস্থা ল'ব বুলি উপ আৰক্ষী অধীক্ষক দীপ্তি মালীয়ে প্ৰকাশ কৰাৰ লগতে সোপাধৰাৰ উৰা বাতৰিক লৈ ৰাইজক আতংকিত নহ'বলৈয়ো আহ্বান জনায়।
- Log in to post comments
- 7 views