লংকাত‌ বিদ্যুৎপৃষ্ট হৈ শ্ৰমিকৰ কৰুণ মৃত্যু

lanka

হোজাইৰ পৰা মনোজ পাঠকৰ প্রতিবেদন :

হোজাই জিলাৰ লংকাৰ ১১ নম্বৰ ৱাৰ্ডৰ এটা আট্ৰালিকাত কৰ্মৰত এজন শ্ৰমিকৰ সোমবাৰে কৰুণ মৃত্যু ঘটে। মৃত শ্ৰমিক জন নখুটিৰ আব্দুল ৱাহিদ‌(৩৭) বুলি জানিব পৰা গৈছে। সোমৱাৰে সন্ধিয়া সময়ত লংকাৰ ১১নম্বৰ ৱাৰ্ডৰ এঘৰৰ আট্ৰালিকাৰ চাঁদ  নিৰ্মান কৰি থকা অৱস্হাতে বিদ্যুৎ পৰিবাহী তাঁৰত লাগি শ্ৰমিক জনে মৃত্যুক আঁকোৱালি লয় । পিছত ঘটনাস্হলীত আৰক্ষী লোক উপস্হিত হৈ শ্ৰমিক জনৰ মৃত দেহটো লংকা আৰক্ষী থানালৈ লৈ আনি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে।

Your Comments