সোণাৰিৰ পৰা ঘন বৰাৰ প্রতিবেদন :
চৰাইদেউ জিলাৰ অন্তৰ্গত মথুৰাপুৰ অঞ্চলৰ কেইগৰাকীমান উদীয়মান যুৱক একত্ৰিত হৈ ২০১৮ চনত গঠন কৰা চ’ছিয়েল ৱেলফেয়াৰ গ্ৰুপ,মথুৰাপুৰে অলপতে সফলতাপূৰ্বক এটা বছৰ সম্পন্ন কৰে । এই উপলক্ষত স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে সোমবাৰে দিনজোৰা বিভিন্ন কাৰ্যসূচীৰে প্ৰথম বৰ্ষপূৰ্তি পালন কৰে । বৰ্ষপূতিৰ সৈতে সংগতি ৰাখি গ্ৰুপটোৰ উদ্যোগত এক গ্ৰন্থ দান কাৰ্যসূচী ৰূপায়ণ কৰা হয় । পুৱা দহ বজাত নিমনাগড় সাত নং প্ৰাথমিক বিদ্যালয়ত কণ কণ ছাত্ৰ ছাত্ৰী সকলৰ বৌদ্ধিক বিকাশৰ লগতে পঢ়াৰ প্ৰতি ধাউতি বৃদ্ধি কৰা লক্ষ্যৰেই স্বেচ্ছাসেৱী গ্ৰুপটোয়ে সাধুকথা পুথি , শিশু আলোচনীকে ধৰি বিভিন্ন শিকন সামগ্ৰী প্ৰদান কৰে । গ্ৰুপটোৰ সদস্য প্ৰণৱ বৰগোঁহাই আঁত ধৰা গ্ৰন্থ প্ৰদান অনুষ্ঠানত মথুৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক আদিত্য বৰঠাকুৰ, চি আৰ চি মৃদুল কোঁৱৰ, উপস্থিত থাকি স্বেচ্ছাসেৱী অনুষ্ঠানটোৰ এনে ব্যতিক্ৰমী প্ৰচেষ্টাক ভূয়সী প্ৰশংসা কৰে। ইফালে বৰ্ষপূতি অনুষ্ঠানৰ লগত সংগতি ৰাখি মথুৰাপুৰত বহু লোকৰ মাজত দুই শতাধিক মৌচুমীটেঙা, গোলনেমু, বৰাবটেঙা ইত্যাদিৰ পুলিও বিতৰণ কৰে । বিয়লি মথুৰাপুৰ ক্ৰীড়া সন্হাৰ কাৰ্যালয়ত বৰ্ষপূতি অনুষ্ঠান অনুষ্ঠিত হয় । বাসুদেৱ কুমাৰে আঁত ধৰা বৰ্ষপূতি অনুষ্ঠানটি বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে সমাজকৰ্মী ধৰ্মেশ্বৰ কোঁৱৰে । ইয়াৰ পিছত কেক কাটি অনুষ্ঠান মুকলি কৰে সোনাৰি প্ৰেছ ক্লাবৰ সভাপতি আলিম আহমেদে। অনুষ্ঠানত চৰাইদেউ প্ৰেছ ক্লাবৰ সভাপতি ধ্ৰুৱজ্যোতি বৰুৱা, শিক্ষক নিৰোদ বৰঠাকুৰৰ, সমাজকৰ্মী শৈলেন ফুকন, সংবাদদাতা দুষ্মন্ত নাথ, যুৱ ছাত্ৰৰ চৰাইদেউ জিলা সমিতিৰ সম্পাদক ৰাজীৱ ৰাজকোঁৱৰে অংশগ্ৰহণ কৰে ৷
উল্লেখ যে বৃহত্তৰ মথুৰাপুৰ অঞ্চলটোত সুস্থ সামাজিক, শৈক্ষিক বাতাবৰণ সৃষ্টি তথা নৱপ্ৰজন্মকৰ মাজত সামাজিক সচেতনতা বৃদ্ধি কৰা উদ্দেশ্য এই স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে আজি দীৰ্ঘদিন ধৰি অহোপুৰুষাৰ্থ কৰি আহিছে।
- Log in to post comments
- 7 views