ঘগ্ৰাপাৰত পোষণ মাহৰ সামৰণি অনুষ্ঠান সম্পন্ন 

nalbari

নৰেন শৰ্মা,বাহাৰঘাট :

ৰাষ্ট্ৰীয় পোষণ মাহৰ সামৰণি উপলক্ষে  নলবাৰী সমাজ  কল্যাণ বিভাগ আৰু  ঘগ্ৰাপাৰস্থিত বড়িগোগ বনভাগ সংহত শিশু উন্নয়ন প্ৰকল্পৰ সৌজন্যত সোমবাৰে ঘগ্ৰাপাৰ হৰিমন্দিৰ প্ৰাঙ্গণত দিনযোৰা কিছু নিৰ্ধাৰিত কাৰ্য্যসুচীৰে এক অনুষ্ঠানৰ আয়োজন কৰা হয়। ৰাতিপুৱা ১০ বজাত বড়িগোগ বনভাগ সংহত শিশু উন্নয়ন প্ৰকল্পৰ কাৰ্য্যালয়ৰ অন্তৰ্গত বিভিন্ন অঙ্গনবাৰী কেন্দ্রৰ সহায়িকা,কৰ্মী সহিতে ঘগ্ৰাপাৰ হাইস্কুল,ঘগ্ৰাপাৰ ছোৱালী হাইস্কুলৰ ছাত্র ছাত্রী, আশা কৰ্মী, এ এন এম নাৰ্চ আদিৰ অংশগ্ৰহণেৰে সমৃদ্ধ এটা বৃহৎ "পোষণ" শোভাযাত্ৰাৰ শুভ উদ্বোধন কৰে নলবাৰী জিলাৰ উপায়ুক্ত ভাৰত ভূষণ দেৱচৌধুৰীয়ে। নলবাৰী জিলাত বিগত এমাহ ধৰি চলা পোষণ অভিযানে এক গণ আন্দোলনলৈ ৰূপান্তৰ হৈ  সফল সামৰণি হোৱা বুলিও উপায়ুক্ত গৰাকীয়ে শোভাযাত্ৰা মুকলি কৰি মন্তব্য আগবঢ়ায়। দিনৰ ১১ বজাত "পোষণ মেলা" উদ্বোধন কৰে ঘগ্ৰাপাৰৰ ৰাজহ চক্র বিষয়া জোনটি ডেকাই। পোষণ মেলাত ৭৩ বিধ সামগ্রী প্ৰদৰ্শন কৰে। তাৰ পিছতে হৰিমন্দিৰৰ মুকলি মঞ্চত পোষণ মেলাৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হয়। সভাৰ আৰম্ভনিতে অংগনৱাৰী সহায়িকা কৰ্মী সকলে এটি আৰম্ভণি গীত পৰিৱেশন কৰে। পৰিসংখ্যা সহায়ক ৰঞ্জন বৈশ্যই আঁতধৰা অনুষ্ঠানটোৰ উদ্দেশ্য ব্যাখ্যা কৰে চি ডি পি অ" মঞ্জুৰী ডেকাই।  সভাত জোনটি ডেকা, জিলা সমাজ কল্যাণ বিষয়া পদ্মেশ্বৰী শইকীয়া, বড়িগোগ বনভাগ উন্নয়ন খণ্ড বিষয়া নৰেন্দ্ৰ কুমাৰ তালুকদাৰ, ঘগ্ৰাপাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্রৰ মহকুমা স্বাস্থ্য বিষয়া ডাঃ দিলীপ কলিতা, সাংবাদিক বীৰেন কলিতা, সমাজ কৰ্মী কেশৱ মজুমদাৰ আদি সকলোৱে পোষণ অভিযানৰ তাৎপর্য, চাফ্চিকুনতাৰ ওপৰত গুৰুত্ব দি ভাষণ প্ৰদান কৰে। সভাখনত ঘগ্ৰাপাৰ ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষক মনহৰি কলিতায়ো উপস্থিত থাকে।  অনুষ্ঠানত তিনি গৰাকী অংগনৱাৰী কৰ্মী সহায়িকাক তেওঁলোকৰ পাৰদৰ্শিতাৰ বাবে পুৰস্কৃতয়ো কৰা হয়। ইয়াৰে শ্ৰেষ্ঠ পাৰদৰ্শিতা বঁটা লাভ কৰে ৩ নং বৰাজোল চক্ৰই। তেওঁলোকৰ হৈ বঁটা গ্ৰহণ কৰে চুপাৰভাইচাৰ দ্বীপশিখা দাসে।  ইফালে জিলা খনত প্ৰথম বাৰৰ বাবে চি ডি পি অ' মঞ্জুৰী ডেকাৰ উদ্যোগত বড়িগোগ বনভাগ সংহত শিশু উন্নয়ন প্ৰকল্পৰ অন্তৰ্গত ১৪৩ টা অংগনৱাৰী কেন্দ্রত ৰন্ধন গেছ চিলিণ্ডাৰ বিতৰণ কৰে। সামৰণি অনুষ্ঠানটোত উপস্থিত থাকি সম্পূর্ণ সহায় সহযোগিতা আগবঢ়ায় চুপাৰভাইচাৰ ভাৰতী দাস, দ্বীপশিখা দাস, ৰুনুমী দেৱী, মইনা দেৱী, মঞ্জুলা কলিতা, উৎপল মজুমদাৰ, তপন কুমাৰ ভট্টাচার্য, ৰিমি শৰ্মা আদিয়ে।

Your Comments