বঙাইগাঁও জিলাত পুষ্টি  অভিযানৰ 'পোষণ মাহ'ৰ সামৰণি অনুষ্ঠান

bgn

বঙাইগাঁওঃ

সমগ্ৰ দেশৰ লগতে বঙাইগাঁও জিলা প্ৰশাসনৰ সহযোগত আৰু জিলা সমাজ কল্যাণ বিভাগৰ উদ্যোগত ১ছেপ্টেম্বৰৰ পৰা মাহযোৰা কাৰ্যসূচীৰে জিলাখনৰ  বিভিন্ন অঞ্চলনত শিশুৰ বিকাশ আৰু গৰ্ভৱতী মাতৃৰ পুষ্টি সাধনৰ বাবে কুপুষ্টি বিনাশ কৰি সুপুষ্টি গঢ়ি তোলাৰ লক্ষ্যৰে চলোৱা ধাৰাবাহিক পুষ্টি অভিযান তথা পোষণ মাহৰ সোমবাৰে সামৰণি পৰে ৷ পোষণ মাহৰ সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি পুৱা বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম শিশু বিকাশ প্ৰকল্পৰ অধীনৰ বাখলগাঁৱৰ ৫ নং অংগনবাড়ী কেন্দ্ৰত শাক পাচলিৰ বীজ ছটিওৱা তথা আমলখি ফলৰ গছপুলি ৰোপনৰ কাৰ্যসূচী লোৱা হয় । জিলা উপায়ুক্ত আদিল খানে কেন্দ্ৰটোত উপস্থিত হৈ জিলা কৃষি বিভাগে যোগান ধৰা বিভিন্ন শাক পাচলিৰ বীজ ৰোপন কৰে আৰু পোষণৰ ভিটামিন ' চি ' যুক্ত আমলখিৰ গছপুলি সকলো কৰ্মী সহায়িকাক একোটাকৈ উপহাৰ দিয়ে । তেওঁ নিজ হাতেৰে কেন্দ্ৰটোত আমলখিৰ গছপুলি ৰোপন কৰে আৰু সকলোকে নিজ নিজ গৃহৰ চৌহদত এনে গছপুলি ৰোপন কৰাৰ বাবে অনুৰোধ  জনায় । ইয়াৰ পিছত দিনৰ ১১ বজাৰ পৰা স্থানীয় বীৰঝৰা পাব্লিক লাইব্ৰেৰীত পোষণ মাহৰ সামৰণি অনুষ্ঠান আনুষ্ঠানিক ভাবে অনুষ্ঠিত কৰা হয় । এই অনুষ্ঠানত জিলা সমাজ কল্যাণ বিষয়া হেমী বৰাই আদৰণি ভাষণ তথা পোষণ মাহৰ মহত্বৰ বিষয়ে উল্লেখ কৰে ৷ মানিকপুৰ শিশু বিকাশ প্ৰকল্প বিষয়া ব্ৰজেন্দ্ৰ নাথ দাসে আঁত ধৰা অনুষ্ঠানটো এগছি বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ কৰে উপায়ুক্ত আদিল খানে । অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থকা উপায়ু্ক্তগৰাকীয়ে নিজৰ ভাষণত কয় যে শিশুৰ সৰ্বাংগীন উন্নয়ন আৰু গৰ্ভৱতী মাতৃৰ বিকাশৰ বাবে যোৱা ১ ছেপ্টেম্বৰৰ পৰা সংশ্লিষ্ট বিভাগটোৰ লগতে আন বিভাগ সমূহে যি ধাৰাবাহিক প্ৰচেষ্টা চলালে তাৰ বাবে সকলোকে সহস্ৰ ধন্যবাদ জনাইছো। তেওঁ আৰু কয় যে পুষ্টিহীনতা আৰু ৰক্তহীনতা দেশৰ এটা ডাঙৰ সমস্যা ।এই সমস্যা দূৰ কৰাৰ বাবে আমি সকলোৱে একত্রিত ভাবে আগুৱাই গৈ জনআন্দোলন আৰম্ভ কৰিব লাগিব। তেওঁ শিশুৰ খাদ্যৰ সম্পৰ্কতো আলোকপাত কৰি সকলোকে মিলি কাম কৰাৰ বাবে আহবান জনায় ৷ লগতে প্ৰতিটো অংগনবাড়ী কেন্দ্ৰত গছপুলি ৰোপন কৰি সেইসমূহৰ যত্ন লোৱাৰ বাবে স্কুলৰ ল'ৰা- ছোৱালী সকলক দায়িত্ব দিয়াৰ বাবে অনুৰোধ  জনায় ।

bgn2  এই অনুষ্ঠানত জিলা উন্নয়ন আয়ুক্ত চন্দ্ৰা দেৱী , বিদ্যালয় সমূহৰ পৰিদৰ্শক ছাদুল্লা খান , স্বাস্থ্য বিভাগৰ এন এইচ এমৰ ডি পি এম স্মৃতা ৰায় চৌধুৰী , জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া , কৃষি বিভাগৰ বিষয়া , ৱাৰ্ড কমিচনাৰক লগতে অংগনবাড়ী কৰ্মী -সহায়িকা সকল, আশা কৰ্মী সকল, শিশু বিকাশ প্ৰকল্প বিষয়া , মুখ্য সেৱিকা সকল ,কৃষি বিজ্ঞান কেন্দ্ৰৰ কৰ্মচাৰী আদি সকল উপস্থিত থাকে । পাঁচ শতাধিক লোকৰ উপস্থিতিৰে কুপুষ্টিৰ বিৰুদ্ধে এক জনআন্দোলন চলোৱাৰ প্ৰয়াস কৰা হয় । অনুষ্ঠানত বিভিন্ন ক্ষেত্রত অনুষ্ঠিত কৰা প্ৰতিযোগিতা সমূহৰ শ্ৰেষ্ঠ প্ৰতিযোগী সকলক একোটাকৈ ট্ৰফী আৰু মানপত্রৰে পুৰস্কৃত কৰা হয় । সেইদৰে শ্ৰেষ্ঠ আশাকৰ্মী , এ এন এমক মানপত্র আৰু ট্ৰফী পুৰস্কাৰ হিচাপে প্ৰদান কৰা হয় । অনুষ্ঠানত প্ৰতিটো শিশু বিকাশ প্ৰকল্পৰ পৰা অংগনবাড়ী কৰ্মী সকলে বিভিন্ন জনগোষ্ঠীয় নৃত্য আদি প্ৰদৰ্শন কৰে ৷ সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন কৰাসকলকো মানপত্র প্ৰদান কৰা হয় । বড়ো,ৰাভা ,ৰাজবংশী, জিকিৰ , গাৰো আদি নৃত্যই সকলোকে আপ্লুত কৰে । শেষত শ'লাগৰ শৰাই আগবঢ়ায় মানিকপুৰ শিশু বিকাশ প্ৰকল্প বিষয়া ব্ৰজেন্দ্ৰ নাথ দাসে । ইয়াৰ পিছত সকলোকে ধন্যবাদ জনাই জিলা সমাজ কল্যাণ বিষয়াই অনুষ্ঠানৰ সামৰণি মাৰে ।

Your Comments