ডবকাত জমিয়তৰ এনআৰচিৰ ওপৰত কৰ্মশালা

dbaka

জমিৰ উদ্দিন তালুকদাৰ, ডবকা :

ৰাজ্যৰ বিদেশী ন্যায়াধীকৰণবোৰ ত্ৰুটিমুক্ত নহয় ৷ বিদেশী ন্যায়াধীকৰণৰ দ্বাৰা বিদেশী ঘোষিত কোনো নাগৰিকক আৰক্ষীক চমজাই দিব নোৱাৰে বা ডিটেনশ্বন কেম্পলৈ পঠাব নোৱাৰে ৷ বিদেশী ন্যায়াধীকৰণ আৰু তাত নিযুক্ত ট্ৰিবুনেল সদস্য বাচনি প্ৰক্ৰিয়াও আঁসোৱাহপূৰ্ণ ৷ এই মন্তব্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা হাফিজ ৰশ্বিদ আহমেদ চৌধুৰীৰ ৷সোমবাৰে ডবকাত অনুষ্ঠিত এখন সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ৰশ্বিদ চৌধুৰীয়ে বিদেশী ন্যায়াধীকৰণ আৰু ডিটেনশ্বন কেম্প সম্পৰ্কে বহু কথা উল্লেখ কৰে ৷ তেওঁ বিদেশী ন্যায়াধীকৰণবোৰৰ গঠন প্ৰক্ৰিয়াক প্ৰত্যাহ্বান জনাই সৰ্বোচ্চ আদালতলৈ যাব বুলিও সভাখনত উল্লেখ কৰে  চৌধুৰীয়ে ৷ ইফালে বহু চৰ্চিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকাৰ পৰা বাদ পৰা বৈধ ভাৰতীয়সকলৰ চিন্তাৰ কাৰণ নাই ,এইসকলে আইনী প্ৰক্ৰিয়াৰ মাজেদি নিজৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব বুলি মন্তব্য কৰে বিশিষ্ট অধিবক্তা ৰোহিনা ৱাৰিছে ৷সোমবাৰে ডবকাৰ আব্দুল জলিল চৌধুৰী স্মৃতি ভৱনত অসম ৰাজ্যিক জমিয়ত উলামাৰ সভাপতি মৌলানা মস্তাক আনফৰৰ ব্যৱস্থাপনাত আৰু হোজাই জিলা জমিয়তৰ আইন কোষৰ উদ্যোগত এনআৰচিৰ ওপৰত এখনি কৰ্মশালাৰ আয়োজন কৰা হয় ৷ আইন কোষৰ সভাপতি হুমায়ুন কবিৰ চৌধুৰীৰ পৌৰোহিত্যত আৰু ৰাজ্যিক জমিয়তৰ সম্পাদক মৌলানা কলিম উদ্দিনে আঁত ধৰা সভাখনত গুৱাহাটী উচ্চ ন্যায়ালয়, শংকৰদেৱ নগৰ আদালতৰ বহু কেইগৰাকী বিশিষ্ট অধিবক্তাই অংশ লয় ৷ সভাখনত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা আব্দুৰ ৰহমান শিকদাৰ, আব্দুল বাতিন খন্দকাৰে এনআৰচিৰ বিভিন্ন দিশ সম্পৰ্কে ৰাইজক বুজাই দিয়ে ৷ সভাখনত অসম ৰাজ্যিক জমিয়ত উলামাৰ সভাপতি মৌলানা মস্তাক আনফৰ, সাধাৰণ সম্পাদক মৌলানা আব্দুৰ ৰচিদ কাছিমী, ডবকা হাজী আনফৰ আলী কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ আলহাজ আব্দুৰ ৰহমান বৰভূঞা, জাষ্টিচ ফৰাম,অসমৰ সাধাৰণ সম্পাদক মতিউৰ ৰহমান, ডবকাৰ সমাজকৰ্মী আনোৱাৰ হুছেইন, বেণী মাধৱ ঘোষ, কৃষ্ণকান্ত দত্ত, মাহমুদ হুছেইনে অংশ লয় ৷ সভাখনত ডবকা, হোজাইৰ বিভিন্নস্তৰৰ নাগৰিকে অংশ লয় ৷

Your Comments