নলবাৰীৰ পৰা হেমন্ত কলিতা:
নলবাৰীৰ শান্তি নিৱাস বৃদ্ধাশ্ৰম আৰু অনাথ আশ্ৰমৰ আৱাসী ফটিক চন্দ্ৰ দাসৰ সোমবাৰে পৰলোকপ্ৰাপ্তি ঘটে । বৰপেটাৰ ঘোৰামাৰা হাটিৰ বাসিন্দা ফটিক চন্দ্ৰ দাসে কেইবা বছৰ ধৰি শান্তি নিৱাসত আশ্ৰয় গ্ৰহণ কৰি থকাৰ পিছত সোমবাৰে পুৱাৰ ভাগত শেষ নিশ্বাস ত্যাগ কৰে ।আজি নলবাৰী ৰাজহুৱা শ্মসানত বয়োজ্যেষ্ঠ নাগৰিকগৰাকীক পুত্ৰ মৰ্য্যাদাৰে মুখাগ্নি কৰে সাংবাদিক মজিবুৰ ৰহমানে । এটা সময়ত দাসৰ সুখেৰে ভৰা এখন ঘৰ আছিল । চাৰি ভাই - ককাইৰ ভিতৰত ফটিক চন্দ্ৰ দাস আছিল জ্যেষ্ঠ । বৃদ্ধগৰাকীয়ে পত্নী আৰু এগৰাকী কন্যা সহিতে সুখ-সন্তোষেৰে জীৱন নিৰ্বাহ কৰি আহিছিল । পত্নীৰ মৃত্যুৰ পিছত একমাত্ৰ কন্যাগৰাকীয়ে মাটি-ভেটি বিক্ৰী কৰি পিতৃক নিজৰ স্বামীগৃহলৈ নি ৰাখিছিল যদিও বয়োজ্যেষ্ঠ নাগৰিকগৰাকী অসুস্থ হৈ পৰাত বৰপেটাত পেলাই থৈ গ'ল । অবশেষত বৃদ্ধগৰাকীয়ে বৰপেটাৰ সমাজ কল্যাণ বিষয়াৰ কাৰ্য্যালয়ত উপস্থিত হৈ তেওঁৰ আশ্ৰয় আৰু ভৰণ-পোষণৰ দায়িত্ব ল'বলৈ অনুৰোধ জনোৱাৰ পিছত মহিলা বিষয়াগৰাকীয়ে গুৱাহাটীৰ এখন বৃদ্ধাশ্ৰমলৈ পত্ৰ লিখি আশ্ৰয় দিয়াৰ বাবে আহ্বান জনাই । বিষয়াগৰাকীৰ পত্ৰ লৈ বয়োজ্যেষ্ঠ নাগৰিকগৰাকীয়ে গুৱাহাটীৰ বৃদ্ধাশ্ৰমলৈ গ'ল যদিও ধন দিব নোৱাৰাৰ বাবে তেওঁক সিদিনাই উলিয়াই দিলে বৃদ্ধাশ্ৰম কৰ্তৃপক্ষই । উক্ত দিনা মহানগৰীৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ বাৰান্দাত থাকি লাখুটিৰ ওপৰত ভৰ দি পুনৰ বৰপেটালৈ উভতি আহিল । বৃদ্ধগৰাকীৰ এনে আলাই-আথানিৰ কথা জানি নজৰুল ইছলাম নামৰ এগৰাকী সচেতন লোকৰ খবৰৰ ভিত্তিত এশ পাঁচ বছৰীয়া ফটিক চন্দ্ৰ দাসক উদ্ধাৰ আৰু আশ্ৰয়ৰ ব্যৱস্থা কৰে সাংবাদিক মজিবুৰ ৰহমানে । সাংবাদিক ৰহমানে বৃদ্ধগৰাকীক যোৱা কেইবা বছৰ ধৰি শান্তি নিৱাসত আশ্ৰয় দি ভৰণ-পোষণ আৰু চিকিৎসাৰ দায়িত্ব গ্ৰহণ কৰে । অৱশেষত আজি পুৱাৰ ভাগত বৃদ্ধ গৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে । বৃদ্ধগৰাকীৰ মৃত্যুয়ে শোকাকিভূত কৰি তোলে আশ্ৰমখনৰ আৱাসীসকলক । ইফালে সোমবাৰে বিয়লিৰ ভাগত নলবাৰীৰ ৰাজহুৱা শ্মসানত বয়োজ্যেষ্ঠ নাগৰিকগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় । বহুসংখ্যক বিশিষ্ট লোক আৰু সাংবাদিকৰ উপস্থিতিত বয়োজ্যেষ্ঠ নাগৰিক গৰাকীক পুত্ৰ মৰ্য্যদাৰে মুখাগ্নি কৰে শান্তি নিৱাসৰ পৰিচালক তথা সাংবাদিক মজিবুৰ ৰহমানে। লক্ষণীয়ভাবে শান্তি নিৱাস বৃদ্ধাশ্ৰম আৰু অনাথ আশ্ৰমত মৃত্যু হোৱা ৩৬ গৰাকী বৃদ্ধ - বৃদ্ধাৰ ২৬ গৰাকীক বৈদিক নিয়মেৰে মুখাগ্নি কৰি পুত্ৰ মৰ্য্যদাৰে শেষকৃত্য সম্পন্ন কৰিছে ৰহমানে । এই অন্ত্যেষ্টিক্ৰিয়া কাৰ্যসূচীত মানৱ অধিকাৰ কৰ্মী জ্ঞানেন চক্ৰবৰ্ত্তী,নলবাৰী প্ৰেছ ক্লাৱৰ সভাপতি তথা জ্যেষ্ঠ সাংবাদিক জিতেন শৰ্মা,হাইস্কুল শিক্ষক সংস্থাৰ জিলা সম্পাদক উমেশ দাস,গাওঁৰক্ষী সংগঠনৰ নলবাৰীৰ চক্ৰ সংগঠক প্ৰদীপ কুমাৰ দাস , বালিকৰীয়া গাওঁৰক্ষী বাহিনীৰ সম্পাদক গোলাপ বৰ্মন , জিলা মজলীয়া বিদ্যালয় শিক্ষক সন্থাৰ সভাপতি বিজয় বৰুৱা,সচেতন যুৱক ফাৰুক হুছেইন,ৰাহুল আমিন , সাংবাদিক শংকৰ দাস , ধ্ৰুৱজ্যোতি মালাকৰ , ৰিংকু মালাকৰ , শান্তি নিৱাসৰ জ্যেষ্ঠ আবাসী প্ৰমোদ কলিতা , ৰাহুল আমিন , শ্মসান বন্ধু নবীন কলিতাকে ধৰি বিভিন্নজন উপস্থিত থাকে।
- Log in to post comments
- 44 views