সদৌ অসম কবি সন্মিলনৰ অধিৱেশনত কবিতা সংকলন 'মুক্ত কণ্ঠ' উন্মোচন

Pic

ডবকাৰ প্ৰতিবেদক:

সদৌ অসম কবি সন্মিলনৰ পঞ্চদশ দ্বি-বাৰ্ষিক তেজপুৰ অধিৱেশনৰ দ্বিতীয় দিনা গ্ৰন্থ উন্মোচনী কাৰ্যসূচীত হোজাই জিলা কবি সন্মিলনৰ সম্পাদক জমিৰ উদ্দিন তালুকদাৰ আৰু ডবকা শাখা কবি সন্মিলনৰ সভাপতি ৰফিক উদ্দিনৰ যুটীয়া সম্পাদনাত প্ৰকাশিত কবিতাৰ সংকলন 'মুক্ত কণ্ঠ' উন্মোচন কৰা হয় ৷ সদৌ অসম কবি সন্মিলনৰ সভাপতি নীলকান্ত শইকীয়া, সম্পাদক প্ৰধান উজ্জ্বল পাওগাম, হোজাই জিলা কবি সন্মিলনৰ সভাপতি ডঃ হাছিনুচ চুলতান সমন্বিতে বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে কবিতা পুথিখন উন্মোচন কৰে ৷ কবিতা সংকলখনত সংকলকদ্বয়ে হোজাই জিলাৰ উপৰি অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰতিষ্ঠিত আৰু ন-কবিৰ কবিতা স্থান দিয়া হৈছে।

Your Comments