বঙাইগাঁওঃ
বঙাইগাঁঁও চহৰৰ নতুনপাৰাত শিক্ষক এজনৰ পত্নীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ স্বামী ৰাজ আদিত্যই পত্নী মীৰা দাস( ৩০)ক বাথৰূমত চিপ লৈ ওলোমি থকা অৱস্থাত উদ্ধাৰ কৰা বুলি প্ৰকাশ কৰাৰ বিপৰীতে মৃত মীৰা দাসৰ পিতৃগৃহৰ পৰিয়ালৰ লোকে নিজ কন্যাক যৌতুকজনিত কাৰণত শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাই অহাৰ পিচত স্বামী আৰু শাহুৱেকে হত্যা কৰা বুলি অভিযোগ কৰিছে ৷ উল্লেখ্য যে শনিবাৰে সন্ধিয়াৰ ভাগত এই ঘটনাটো সংঘটিত হয় ৷ ঘটনা সন্দৰ্ভত পিচত মৃত মীৰা দাসৰ স্বামী ৰাজ আদিত্যৰ লগতে শাহুৱেক ৰীণা আদিত্যক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ ইপিনে পত্নী মীৰা দাসৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত স্বামী ৰাজ আদিত্যই প্ৰকাশ কৰা মতে শনিবাৰে তেওঁ আৰু পত্নীয়ে দিনটো কামত ব্যস্ত আছিল আৰু সন্ধিয়া নতুনপাৰাৰ ভাড়া ঘৰলৈ উভটি গৈছিল ৷ ঘৰলৈ অহাৰ পিচত পত্নীয়ে বাথৰূমত গা ধুৱলৈ যায় ৷ কিন্তু পত্নীয়ে বহু সময় ধৰি ওলাই নহাত বাহিৰৰ পৰা দৰ্জাত ধকিয়াই মাতে যদিও কোনো সহাৰি নেপাই বাথৰূমৰ খিড়িকীৰে চোৱাত ভিতৰত চিপ লৈ ওলোমি থকা প্ৰত্যক্ষ কৰে ৷ পিচত দুৱাৰ ভাঙি পত্নীক উদ্ধাৰ কৰি এখন ব্যক্তিগত চিকিৎসালয়লৈ নিয়ে যদিও ইতিমধ্যে পত্নীৰ মৃত্যু হৈছিল ৷ ৰাজ আদিত্য শিক্ষকৰ ওপৰিও এজন পেছাদাৰী ফটোগ্ৰাফাৰো ৷ কোকৰাঝাৰত ঘৰ যদিও বঙাইগাঁও চহৰৰ নিউ বঙাইগাঁও বিজি কলনীৰ নেতাজী হিন্দী বিদ্যাপীঠ স্কুলত শিক্ষকতা কৰা সূত্ৰে বঙাইগাঁও চহৰৰ নতুনপাৰাত ভাড়া থাকে ৷ আনহাতে মীৰা দাস এগৰাকী পেছাদাৰী মেকাপ আৰ্টিষ্ট আছিল ৷ পিতৃগৃহ ধুবুৰীত ৷ ইপিনে মৃত মীৰা দাসৰ পিতৃ সুৰেন দাসে অভিযোগ কৰা মতে নিজ কন্যাক স্বামী ৰাজ আদিত্য আৰু শাহুৱেক ৰীণা আদিত্যই মিলি পৰিকল্পিতভাৱে হত্যা কৰি বাথৰূমত ওলোমাই থৈছে ৷ তেওঁ আৰু কয় যে বিগত বৰ্ষৰ এক ছেপ্টেম্বৰত নিজ কন্যা মীৰা দাসৰ ৰাজ আদিত্যৰ লগত মন্দিৰত বিবাহ হয় যদিও বিবাহৰ কিছুদিনৰ পিচৰে পৰা স্বামী আৰু শাহুয়েক ৰীণা আদিত্যই যৌতুকৰ ধন বিচাৰি শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলাই আহিছিল ৷ প্ৰথমে ডেৰ লাখ টকা দাবী কৰিছিল আৰু দিয়াও হৈছিল ৷ সেই টকাৰে ৰাজ আদিত্যই গাড়ী কিনা বুলিও মৃত মীৰা দাসৰ পিতৃয়ে জানিব দিয়ে ৷ পিচত দহ লাখ টকা দাবী কৰি আহিছিল আৰু এবছৰৰ ভিতৰত দিবলৈ জোৰ দি আহিছিল ৷ কিন্তু মীৰাৰ পৰিয়ালে দহ লাখ টকা আদায় নিদিয়াত চলাই গৈছিল অকথ্য নিৰ্যাতন ৷ এনে পৰিস্থিতিৰ মাজতে শনিবাৰে সন্ধিয়াৰ ভাগত ৰহস্যজনক অৱস্থাত মীৰা দাসৰ মৃতদেহ বাথৰূমৰ পৰা উদ্ধাৰ হোৱাতো সহজভাৱে ল'ব পৰা নাই পৰিয়ালৰ লোকে ৷ মৃত মীৰাৰ পিতৃয়ে দোষীক কঠোৰ শাস্তি বিহাৰ দাবী জনাইছে ৷ আনহাতে মৃত মীৰাৰ জ্যেষ্ঠ ভগ্নীয়ে অভিযোগ কৰি কয় যে বিয়াৰ পোন্ধৰ দিনৰ পিচৰে পৰা মীৰাৰ ওপৰত স্বামী আৰু শাহুয়েকে অত্যাচাৰ চলাই আহিছে ৷ আনকি ছমাহমান পূৰ্বে ইমানে মাৰিছিল যে সহ্য কৰিব নোৱাৰি মীৰাই ধুবুৰীৰ নিজ পিতৃগৃহলৈ গুচি গৈছিল ৷ যোৱাৰ সময়ত নিজ পিতৃয়ে দিয়া সোণৰ অলংকাৰ সমূহ লগত লৈ গৈছিল ৷ কিন্তু ৰাজ আদিত্যই ৱাটচাপ, ফেছবুকত আমাৰ মা- দেউতা চোৰ বুলি দিয়ে ৷ ইয়াকেলৈ আমি ৰাজ আদিত্যৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিলো ৷ পিচত ৰাজ আদিত্যই ভন্টিক সদায় কয় যে যি হৈ গ'ল সেইবোৰ বাদ দি মীমাংসা কৰি লও ৷ তাৰ পিচত ভন্টিয়ে সকলো ভাল হোৱা বুলি পুনৰ স্বামীৰ ঘৰলৈ উভটি আহিছিল ৷ কিন্তু জুলাই মাহৰ পৰা পুনৰ মাৰ- ধৰ কৰা আৰম্ভ হয় ৷ মানসিক আৰু শাৰীৰিকভাৱে নিৰ্যাতন চলায় ৷ স্বামীৰ প্ৰহাৰত চকুৰ এফালৰ তলৰ অংশ ক'লা হৈ পৰিছিল ৷ নিশা তিনি বজাত টোপনীৰ পৰা উঠাই পৰ্যন্ত মাৰিছিল ৷ যৌতুক হিচাপে প্ৰথমে ডেৰ লাখ টকা, পিচত দুই লাখ টকা দাবী কৰাত পিতৃয়ে দিয়াৰ লগতে কন্যাক সকলো সোণৰ অলংকাৰ দিয়া বুলি কয় ৷ পিচত পুনৰ দহ লাখ টকা দাবী কৰা বুলি কয় ৷ লগতে কয় যে শনিবাৰে বঙাইগাঁৱৰ ভন্টিৰ ঘৰলৈ মা আৰু দেউতাই পূজাৰ কাপোৰ দিবলৈ অহাৰ কথা আছিল ৷ কিন্তু মীৰাৰ স্বামী আৰু শাহুয়েকে ভন্টিৰ মা - দেউতা অহাতো নিবিচাৰে ৷ ইয়াক লৈ ভন্টিৰ আগত বহু বেয়া বেয়া কথা কয় আৰু কাজিয়া হয় ৷ আনকি মীৰাক ঘৰৰ পৰা বিয়া দিবলগীয়াহলে যিহেতু দহ লাখ টকা খৰচ গ'লহেতেন, সেয়ে দহ লাখ টকাটো ৰাজ আদিত্যক দিব লাগে বুলি কয় ৷ পিচত ভন্টিয়ে মা - দেউতাক আহিব নালাগে বুলি কয় ৷ আনকি ৰাজ আদিত্যই মীৰাৰ দেউতাকক এজন উকীল লৈ আহি কন্যাক বিবাহ বিচ্ছেদৰ আবেদনত চহী কৰাই লৈ যাবলৈকো কোৱা বুলি কয় ৷ কিন্তু নিশা আঠমান বজাত তেওঁলোকে মীৰাৰ মৃত্যুৰ খবৰ পায় ৷ জ্যেষ্ঠ ভগ্নীয়ে অভিযোগ কৰি কয় যে ভন্টিয়ে আত্মহত্যা কৰিব নোৱাৰে ৷ ভন্টিক হত্যা কৰা হৈছে ৷ কাৰণ পুলিচ নোযোৱাকৈ কিয় মৃতদেহটো নমাই চিকিৎসালয়লৈ নিয়া হ'ল? ভন্টিক হত্যা কৰি বাথৰূমত চিপ লগাই ওলোমাই থোৱা বুলিও অভিযোগ কৰে ৷ উল্লেখ্য
যে মীৰাই ঘৰৰ পৰা পলাই আহি ৰাজ আদিত্যৰ সৈতে মন্দিৰত বিবাহ হৈছিল ৷ ইপিনে দেওবাৰে মৃত মীৰাৰ পিতৃ- মাতৃ আৰু জ্যেষ্ঠ ভগ্নী ধুবুৰীৰ পৰা বঙাইগাঁৱত আহি উপস্থিত হয় আৰু নিজ কন্যাক স্বামী ৰাজ আদিত্য আৰু শাহুয়েক ৰীণা আদিত্যই হত্যা কৰা বুলি অভিযোগ কৰি উত্তৰ বঙাইগাঁও আৰক্ষী পহৰা চকীত এজাহাৰ দাখিল কৰে ৷ আৰক্ষীয়ে ইতিমধ্যে উক্ত এজাহাৰৰ ভিত্তিত ৭৫১/ ১৯ নম্বৰৰ এক গোচৰ ৰুজু কৰি স্বামী ৰাজ আদিত্য আৰু শাহুৱেক ৰীণা আদিত্যক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰোৱাত আদালতে অভিযুক্ত পুত্ৰ আৰু মাতৃক জেল হাজোতলৈ প্ৰেৰণ কৰে ৷ আনহাতে মৃত মীৰা দাসৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ পিচত পিতৃ গৃহৰ পৰিয়ালে ধুবুৰীলৈ লৈ যায় ৷
- Log in to post comments
- 25 views