১০৬ নং সোণাৰি বিধান সভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে সাধাৰণ পৰ্যবেক্ষক নিযুক্তি

sonari

সোণাৰিৰ পৰা ঘন বৰাৰ প্রতিবেদন :

অহা ২১ অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া অসম বিধান সভাৰ ১০৬ নং সোণাৰি বিধান সভা সমষ্টিৰ লগতে আন তিনিটা বিধান সভা সমষ্টিৰ উপ নিৰ্বাচন অনুষ্ঠিত হ'ব। চৰাইদেউ জিলাৰ সোণাৰি বিধান সভা নিৰ্বাচনৰ বাবে প্ৰশাসনে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে।সোণাৰি বিধানসভা নিৰ্বাচনৰ ভাৰতৰ নিৰ্বাচন আয়োগে ব্ৰুন্দাবন বেহেৰাক সাধাৰণ পৰ্য্যবেশক হিচাপে নিয়োগ কৰিছে। নিৰ্বাচনী সাধাৰণ পৰ্যবেক্ষক উড়িষ্যাৰ ব্ৰুন্দাবন বেহেৰা ভাৰতীয় প্ৰশাসনিক সেৱাৰ ২০০৮ বৰ্ষৰ উড়িষ্যা কেডাৰৰ বিষয়া হোৱাৰ লগতে বেহেৰাৰ গৃহ ৰাজ্যও উড়িষ্যা।দেওবাৰে বিয়লি সাধাৰণ পৰ্যবেক্ষক গৰাকী সোণাৰিৰ আবৰ্ত ভৱনত উপস্থিত হোৱাত চৰাইদেউ জিলা প্ৰশাসন তথা জিলা নিৰ্বাচনী কাৰ্য্যালয়ৰ হৈ উপায়ুক্ত দীপক কুমাৰ সন্দিকৈৰ লগতে জিলা প্ৰশাসনৰ অন্যান্য উচ্চপদস্থ বিষয়া সকলে পৰ্য্যবেশক গৰাকীক উস্ম আদৰণি তথা সাদৰ সম্ভাষণ জ্ঞাপন কৰে।

Your Comments