ডা°ৰামদত্ত বুজৰবৰুৱা আৰু ভূপেন শৰ্মা সোৱৰণী ফুটবলৰ ফাইনেলত ধুহিবালা এফ চি বিজয়ী

baharghat

নৰেন শৰ্মা,বাহাৰঘাট : 

বৰভাগ ইউনাইটেড স্পোৰ্ষ্টচ্ ক্লাৱৰ উদ্যোগত আয়োজিত পশ্চিম বড়িগোগ ধীৰদত্ত উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত অনুস্থিত হৈ থকা ৩৩ তম বৰ্ষৰ ১৯ তম বাৰ্ষিক ডা°ৰামদত্ত বুজৰবৰুৱা আৰু ভূপেন শৰ্মা সোৱৰণী চলন্ত ট্ৰফী প্ৰাইজমাণী ফুটবল প্ৰতিযোগিতাৰ ফাইনেল খেলখন দেওবাৰে আবেলি অনুস্থিত হৈ যায়৷ ধুহিবালা এফ চি আৰু গুৱাহাটী ডাইমণ্ড ক্লাৱৰ মাজত অনুস্থিত হোৱা ফাইনেল খেলখন উদ্বোধন কৰে জলসিঞ্চন বিভাগৰ কাৰ্য্যবাহী অভিযন্তা পুলীন লহকৰ আৰু পঃবঃধীৰদত্ত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উচ্চ বৰ্গৰ সহায়ক কামেশ্বৰ শৰ্মাই৷খেল আৰম্ভ হোৱাৰ তিনি মিনিট পিচতেই ধুহিবালা দলৰ বাহাৰুল আলীয়ে ডাইমণ্ড ক্লাৱক এটি গল দি খেলখন উত্তেজনা পূৰ্ণ কৰি তোলে যদিও দ্বিতীয়াৰ্ধৰ ৫৬ মিনিট যোৱাত ডাইমণ্ডয়ে পেনাল্টিত গলটো পৰিশোধ কৰে৷ইয়াৰ পিচত ধুহিবালা দলে পূনৰ পেনাল্টি চটত এটি গল দি ২-১ গলত ডাইমণ্ডক পৰজিত কৰি বিজয়ীৰ পদক আজুৰি আনিবলৈ সক্ষম হয়।খেলত শ্ৰেষ্ঠ খেলুৱৈ হিচাবে ধুহি দলৰ অধিনায়ক বাহাৰুল আলী বিবেচিত হয়৷খেলৰ শেষত অনুস্থিত হোৱা বটা বিতৰণী সভাত বিজয়ী আৰু বিজিত দলক বঁটা প্ৰদান কৰে৷ খেলত নলবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক মদন কলিতা,অৱসৰপ্ৰাপ্ত শিক্ষক গিৰীশ চন্দ্ৰ শৰ্মা,বিশিষ্ট চিকিৎসক ডা°অৰুণ শৰ্মাকে আদি কৰি বহু কেইজন আমন্ত্ৰিত বিশিষ্ট অতিথি উপস্থিত থাকে৷খেল পৰিচালনা কৰে ৰেফাৰী মৃনাল মিশ্ৰ,কংকন শৰ্মা আৰু নৱদ্বীপ কলিতাই৷

Your Comments