নিউজ এএছএন,প্ৰতিবেদক, মাজুলী :
পদক্ষেপ সাঁথৰ প্ৰতিযোগিতাত তৃতীয় তথা অন্তিম খণ্ডৰ ফলাফলত শিক্ষয়িত্ৰী সংগীতা বৰা শইকীয়া আৰু শিক্ষক ৰাজীৱলোচন বৰালৈ দেওবাৰে আনুষ্ঠানিকভাৱে বঁটা প্ৰদান কৰা হয় । পদক্ষেপ অনুষ্ঠানৰ উপদেষ্টা শান্তিৰাম সেনাপতিৰ সভাপতিত্বত জোনাকী ছমহীয়াআটী আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত অনুষ্ঠানত সাঁথৰ বঁটা হিচাপে এখন মানপত্ৰ আৰু নতুন সংস্কৰণৰ অসমীয়া অভিধান প্ৰদান কৰা হয়। উজনি মাজুলী ৰতনপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহশিক্ষয়িত্ৰী সংগীতা বৰা শইকীয়াক অধ্যাপক জয়ন্ত বৈৰাগীয়ে অৰু কামৰূপ মিলন উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক ৰাজীৱ লোচন বৰাক জোনাকী ছমহীয়াআটী আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ বিষ্ণু প্ৰসাদ দেউৰীয়ে আনুষ্ঠানিক ভাৱে এই বঁটা প্ৰদান কৰে । অৱশ্যে ৰাজীৱ লোচন বৰাৰ অনুপস্থিতিৰ বাবে তেওঁৰ হৈ পিতৃ মনিৰাম বৰাই এই বঁটা গ্ৰহণ কৰে । এই বঁটা প্ৰদান অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে পদক্ষেপৰ সভাপতি লক্ষীকান্ত পেগু, ভদ্ৰকান্ত গগৈ,প্ৰবীণ দত্ত, সুনন্দ ওজা,নবীন শইকীয়া, ৰমেশ চন্দ্ৰ সেনাপতি,অনিল বৰা শাস্ত্ৰী আদিৰ লগতে পূৰ্বৰ এই বঁটা প্ৰাপক ক্ৰমে পলাশ বৰা আৰু পপী লাহন আদি উপস্থিত থাকে ।
অনুষ্ঠানত ছাত্ৰ বক্তা ক্ৰমে দেৱাশীষ শইকীয়া আৰু নবাৰুণ বৰাই বক্তব্য প্ৰদান কৰাৰ লগতে তৃষ্ণাৰাণী বৰাই বিয়ানাম আৰু প্ৰমাণিকা বৰাই আধুনিক গীত পৰিবেশন কৰে । প্ৰকৃতি আৰু পৰিৱেশ বিষয়ক তথ্য চিত্ৰ প্ৰদৰ্শন কৰে মানস ভৰদ্বাস আৰু প্ৰকাশ দত্তই । পৰৱৰ্তী প্ৰতিযোগিতাৰ বঁটা আগবঢ়াব বুলি অধ্যাপক জয়ন্ত বৈৰাগীয়ে সভাত ঘোষণা কৰে। উল্লেখ্য যে মাজুলীৰ অন্যতম সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান পদক্ষেপ নামৰ সংগঠনটোৰ প্ৰতিষ্ঠাপক তথা বিশিষ্ট সমাজকৰ্মী প্ৰয়াত প্ৰমোদ চন্দ্ৰ দেউৰীৰ সোঁৱৰণত অনুষ্ঠিত কৰি অহা এলানি বিশেষ ধৰণৰ সাঁথৰ প্ৰতিযোগিতাত পূৰ্বে প্ৰদান কৰাৰ দৰে এই বছৰো শ্ৰেষ্ঠ প্ৰতিযোগীৰ পৰা বাচনি কৰি এই বঁটা প্ৰদান কৰা হয়।
- Log in to post comments
- 4 views